ডিজিটেল ডেস্কঃ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে থাকিবলৈ এটা নিজা ঘৰ নথকা প্ৰসংগক লৈ ৰাহুল গান্ধীয়ে বেছ চৰ্চা লাভ কৰিছিল। শেহতীয়াকৈ ৰাহুল গান্ধীৰ দেহভংগী আৰু কথা কোৱাৰ ষ্টাইল পূৰ্বতকৈ কিছু সলনি হোৱাও লক্ষ্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। সেয়া যি কি নহলেও, মুখৰ কথাৰ বাবেই পুনৰ এবাৰ শলঠেকত পৰিল ৰাহুল গান্ধী।
নিজৰ ঘৰ আৰু দামী গাড়ী নথকা বুলি দাবী কৰা ৰাহুল গান্ধীৰ গেৰেজত পৰি আছে ৩লাখ টকাৰো অধিক মূল্যৰ এখন বাইক। এই বাইকখনৰ নাম হৈছে কে টি এম- ৩৯০। উচ্চ পাৱাৰ সম্পন্ন এই বাইকখনৰ মূল্য ৩লাখ ৫০হাজাৰো অধিক। এই দামী বাইকখন ব্যৱহাৰ নকৰাকৈ ঘৰৰ গেৰেজতে পেলাই থৈছে ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীৰ ওচৰত ইমান দামী বাইক থকাৰ কথা কোনো বিৰোধীয়ে কোৱা নাই। ৰাহুল গান্ধীয়ে নিজেই সদৰি কৰিছে এই কথা। শেহতীয়াকৈ দিল্লীৰ কৰোল বাগত এগৰাকী মেকানিকৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে। ৰাহুলে এই কথা প্ৰকাশ কৰাৰ লগে লগে বিৰোধীয়ে প্ৰশ্ন কৰিছে যে, ‘থাকিবলৈ ঘৰ নথকা মানুহজনে কেনেকৈ ইমান দামী বাইক এখন গেৰেজত পেলাই থব পাৰে। ‘