ডিজিটেল ডেস্কঃ খেয়ালী মনৰ অধিকাৰী জুবিন গাৰ্গে বহু সময়ত আনে নকৰা কাম কৰা দেখা যায়। এটা সৰু লৰাৰ দৰেই কেতিয়াবা জুবিন গাৰ্গে কিছুমান কাম কৰি সন্তুষ্টি লভে। এই গুণটোৰ বাবেও বহুতে ভাল পায় জুবিন গাৰ্গক। শেহতীয়াকৈ বিশিষ্ট সাংবাদিক তথা লেখক মনোজ কুমাৰ গোস্বামীয়ে পুৰণি এক ঘটনা সামাজিক মাধ্যমত শ্বেয়াৰ কৰোতে জুবিনৰ লগত হোৱা এটা বিশেষ ঘটনাই বেছ চৰ্চা লাভ কৰিছে।
গোস্বামীয়ে ঘটনাতো বৰ্ণনা কৰিছে এনেদৰে- ”নব্বৈৰ দশকৰ আৰম্ভণিৰ পিনে উজনিৰ পিনৰ ল’ৰা কেইজনমান প্ৰায়েই আমাৰ অফিচলৈ আহিছিল৷ তেওঁলোক বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপত জড়িত৷ মানস, পৱিত্ৰ, দেৱতো আহেই, লগত দীঘল চুলিৰ মৰমলগা মুখৰ ল’ৰা এজনো আহে৷ বিভিন্ন কথা পতা যায়, ল’ৰাজনে বিশেষ ভাগ নলয়, মাথোঁ মোৰ টেবুলৰ একোণত আঙুলিৰে টুকুৰিয়াই কিবা গান গুণগুণাই থাকে৷ এদিন মই দলটো ওলাই যোৱাৰ পাছত দেৱক সুধিলোঁ– এই ‘ভদ্ৰলোকজন’নো কোন?
দেৱই ক’লে– এওঁ জুবিন গাৰ্গ, ভাল গান গায়৷ তেতিয়াও ‘অনামিকা’ বা ‘মায়া’ ৰিলিজ হোৱা নাই৷ ‘মায়া’ কেছেটটো যেতিয়া ওলাল, তাৰ পাছত সেয়া ইতিহাস৷ জুবিনে প্ৰায় ২০ হাজাৰমান গান গালে৷ যি সময়ত অসমীয়া গান মানুহে নুশুনা হৈছিল, অসমীয়া সুৰ প্ৰায় হেৰাই গৈছিল, সেই সময়তেই জুবিনৰ আৱিৰ্ভাৱ৷ আজি হকে-বিহকে জুবিন প্ৰায়েই বিভিন্ন বিতৰ্কত সোমাই পৰে, কিন্তু এই গানবোৰৰ বাবেই জুবিনৰ ‘সাত খুন মাফ’! পুৰণি প্ৰজন্মৰ পৰা নতুন প্ৰজন্মলৈ, আমোলাৰ পৰা অপৰাধীলৈ, সাহিত্যিকৰ পৰা সাধাৰণ মানুহলৈ সকলো যিদৰে জুবিনৰ ফেন, সেইদৰে ময়ো জুবিনৰ অনুৰাগী৷
জুবিনৰ গায়কী আৰু সুৰে মোক তেওঁৰ সকলো অহং আৰু ঔদ্ধত্য উপেক্ষা কৰিবলৈ বাধ্য কৰে৷ পিছে এবাৰ মামণি [ৰয়ছম] বাইদেৱে কথা পাতি থাকোঁতে মোক ক’লে– জুবিনক খবৰ দিবাচোন, মই তাৰ বাবে গান দুটামান লিখিছোঁ! মই কথাটো জুবিনৰ কাণ চোৱালোঁ৷ এহ্ ডাঙৰ সাহিত্যিকবোৰে বৰ বেয়া গান লিখে বুলি জুবিনে কথাটো উৰাই দিলে৷ মই নক’লোঁ আৰু যে তোমাৰ ‘জগত পোহৰ কৰি আহিব প্লাৱন’তকৈতো মামণি বাইদেউৰ গীতৰ কথা অন্ততঃ ভাল হ’ব৷ অথচ জুবিনে হীৰেন ভট্টাচাৰ্য বা নৱকান্ত বৰুৱাৰ কথাৰে বহু স্মৰণীয় গীত গাইছে৷ কিন্তু জুবিনৰ লগত আৰু কোনে তৰ্ক কৰে!