1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:22 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এদিন এৰি দিছিল চাকৰিঃ জালুকৰ খেতি কৰি হেলিকপ্টাৰ কিনা ভাৰতৰ প্ৰথমজন খেতিয়ক…

  • Update Time : Monday, July 10, 2023

ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি নাপালে বুলিয়েই হতাশ হোৱা সকলক এই বাতৰিটোৱে নিশ্চয়কৈ এক ডাঙৰ প্ৰভাৱ পেলাব। অসমীয়াত এষাৰ কথা আছে- মন কৰিলেই চন, বকৰা মাটিতেই ধন। আমাৰ বহুতে এই বকৰা মাটিখিনিৰ মূল্য বুজি নাপাই চাকৰিৰ পিছত দৌৰি ফুৰে। কিন্তু শেহতীয়াকৈ এগৰাকী ব্যক্তিয়ে জালুকৰ খেতিক প্ৰধান খেতি হিচাপে লৈ কোটি টকীয়া ঘৰ, গাড়ী কিনাৰ উপৰিও শেহতীয়াকৈ ক্ৰয় কৰিবলৈ ওলাইছে হেলিকপ্টাৰ।

কথাটো শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সচাঁ। এগৰাকী খেতিয়কে শেহতীয়াকৈ কিনিবলৈ ওলাইছে হেলিকপ্টাৰ। ৭কোটি টকাৰ ব্যয় কৰি এগৰাকী খেতিয়কে কিনিবলৈ লৈছে হেলিকপ্টাৰ।  এই হেলিকপ্টাৰ ব্যৱহাৰ হব কৃষিকৰ্মত। প্ৰায় ১হাজাৰ হেক্টৰ মাটিত ৪০০টা আদিবাসী পৰিয়ালক লৈ খেতি কৰা এই খেতিয়ক গৰাকীৰ নাম হৈছে- ডাঃ ৰাজাৰাম ত্ৰিপাঠী।

বিলাসী গাড়ীৰ সৈতে ৰাজাৰাম..

ৰাজাৰাম ত্ৰিপাঠীয়ে প্ৰথমে এটা বহুজাতিক কোম্পানীত উচ্চ পদত চাকৰি কৰিছিল যদিও স্বাধীনচিতীয়া মনৰ বাবে এৰি দিছিল চাকৰি। তাৰ পিছতে চত্তীশগড়ৰ বস্তৰত কিছু আদিবাসী পৰিয়ালক লগত লৈ আৰম্ভ কৰিছিল জালুকৰ খেতি। ইয়াৰ পিছতে নানান ঔষধিযুক্ত গছ আৰু মছলাৰ খেতি আৰম্ভ কৰিছিল ৰাজাৰাম ত্ৰিপাঠীয়ে।

পত্নীৰ সৈতে খেতিত ব্যস্ত ৰাজাৰাম

ইংলেণ্ড, জাৰ্মানীৰ দৰে দেশত যিদৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি খেতি কৰে। ঠিক তেনে প্ৰযুক্তি ব্যৱহাৰ কৰিয়েই আগন্তুক ৪০বছৰলৈ প্ৰতি ১একৰ মাটিৰ পৰা খেতিৰ জৰিয়তে ১কোটি টকা উপাৰ্জনৰ লক্ষ্য লৈছে খেতিয়কগৰাকীয়ে।  বৰ্তমান বছৰি ২৫কোটি টকা আয় কৰে এই খেতিয়কগৰাকীয়ে। ইফালে হেলিকপ্টাৰৰ জৰিয়তে এই বিশাল ভূমিত ঔষধৰ লগতে বীজ সিচাঁৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিছে।

একক আৰু ব্যতিক্ৰমী চিন্তাৰে খেতি কৰাৰ বাবে কেইবাবাৰো কৃষি মন্ত্ৰালয়ৰ দ্বাৰা পুৰষ্কিত কৰা ডাঃ ৰাজাৰাম ত্ৰিপাঠী হৈছে ভাৰতৰ প্ৰথম গৰাকী খেতিয়ক যাৰ ওচৰত নিজৰ হেলিকপ্টাৰ থাকিব।

জালুকৰ খেতিৰ সৈতে ডাঃ ৰাজাৰাম ত্ৰিপাঠী

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme