1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:52 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিয়াগোম ধনী ধোনীঃ এবছৰত টেক্স দিয়ে ৫০কোটি টকা…

  • Update Time : Thursday, July 6, 2023

ডিজিটেল ডেস্কঃ নিজৰ ব্যক্তিত্ব আৰু খেলপথাৰত ধৈৰ্য শক্তি, সুনেতৃত্বৰ বাবে সকলোৰে প্ৰিয় মহেন্দ্ৰ সিং ধোনী কিমান ধনী আপুনি বাৰু জানেনে! শেহতীয়াকৈ আই পি এল-২০২৩ত ধোনীয়ে লৈছিল ১২কোটি টকা। চেন্নাই ছুপাৰ কিংগছৰ অধিনায়কৰ দায়িত্বত থকা মহেন্দ্ৰ সিং ধোনীয়ে প্ৰতিবছৰেই আই পি এল সংস্কৰণত লাভ কৰে ১২কোটি টকা।

ইফালে প্ৰকাশিত খবৰ অনুসৰি মহেন্দ্ৰ সিং ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১হাজাৰ কোটিৰো অধিক। প্ৰায় ১০৭০কোটি টকাৰ সম্পত্তিৰ মালিক মহেন্দ্ৰ সিং ধোনী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, ৪কোটিৰো অধিক টকা ধোনীয়ে এমাহত উপাৰ্জন কৰে। বছৰত ৫০কোটিৰো অধিক টকা উপাৰ্জন ধোনীৰ। মহেন্দ্ৰ সিং ধোনীৰ ওচৰত যিমান বাইক কালেকশ্যন আছে, সিমান বাইক দেশৰ কোনো এগৰাকী খেলুৱৈৰ ওচৰত নাই বুলি ধৰা হয়।

হামাৰ, পাৰ্চ ৯১১, মাৰ্ছিডিজ, ৰেন্স ৰভাৰৰ লগতে বহুকেইটা দেশী-বিদেশী বেণ্ডৰ কোটি টকীয়া গাড়ী আছে ধোনীৰ ঘৰত। বিশ্বৰ অন্যতম দামী বাইক হাৰ্লি ডেভিলশ্যনৰ ফেট বয় বাইকখনো আছে ধোনীৰ গেৰেজত। প্ৰায় ১২.৫কোটি টকাৰ বাহনেই আছে ধোনীৰ। ইয়াৰ উপৰিও ৬২০কোটি টকা বিভিন্ন স্থানত বিনিয়োগ কৰি থৈছে ধোনীয়ে।

বিজ্ঞাপনৰ পৰায়ো বছৰি কেইবাকোটি টকা উপাৰ্জন কৰে ধোনীয়ে। এটা বিজ্ঞাপনৰ বাবে ৩.৫কোটিৰ পৰা ৬কোটি টকা মাননি গ্ৰহণ কৰে ধোনীয়ে। উল্লেখ কৰিব লাগিব যে, ২০২২-২৩বিত্তীয় বৰ্ষত মহেন্দ্ৰ সিং ধোনীয়ে ৩৮কোটি টকাৰ টেক্স আদায় দিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme