ডিজিটেল ডেস্কঃ ইচ্ছামৃত্যু বা আত্মহত্যা। দিনকদিনে মানুহৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা। আমাৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতেই কেৱল এই প্ৰৱণতা বৃদ্ধি হৈছে এনে নহয়। উন্নত দেশসমূহতো এই প্ৰৱণতা বৃদ্ধি হৈছে। ইংলেণ্ড, আমেৰিকা, চুইজাৰলেণ্ড আদিত ইচ্ছা মৃত্যুৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবেই চুইজাৰলেণ্ডৰ একাংশ বিজ্ঞানীয়ে সাজি উলিয়াইছে ইচ্ছামৃত্যুৰ এটা মেচিন।
য’ত অকণো কষ্ট নোপোৱাকৈ মৃত্যুবৰণ কৰিব পাৰিব বুলি দাবী কৰিছে মেচিন নিৰ্মাণকাৰী বিজ্ঞানীৰ দলটোৱে। এটা কেপচুল আকৃতিৰ কফিন কফিনটোত সোমাই গ’লেই মৃত্যু অনিবাৰ্য। কফিনটোত সোমাই গ’লে কষ্ট পাব এনে নহয়। তুলনামূলকভাৱে বেদনাহীন আৰু শান্তিপূৰ্ণ হ’ব সেই মৃত্যু। হাইপোক্সিয়া আৰু হাইপোকেপনিয়াৰ জৰিয়তে অক্সিজেনৰ স্তৰ হ্ৰাস হৈ মৃত্যু হ’ব লোকজনৰ। মেচিনটোত প্ৰৱেশ কৰাৰ পিছতেই দেহৰ পেশীসমূহ অচল হৈ পৰিব কেৱল মাত্ৰ চকুযোৰহে সক্ৰিয় হৈ থাকিব বুলি প্ৰকাশ কৰিছে বিজ্ঞানীৰ দলটোৱে।
মেচিনটোৰ সমূহ পৰীক্ষণ ইতিমধ্যে সমাপ্ত হৈছে। অহাটো বৰ্ষৰ পৰা এই মেচিনটো ব্যৱহাৰযোগ্য হ’ব বুলিও দাবী কৰিছে নিৰ্মাণকাৰী দলটোৱে। অৱশ্যে এই মেচিন নিৰ্মাণকলৈ বিৰোধিতা কৰিছে ইচ্ছামৃত্যুকত বিৰোধ কৰা একাংশ লোকে।