1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:24 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

তিনি গগৈক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভৱিষ্যতদ্বাণী…

  • Update Time : Tuesday, July 4, 2023

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোৱালপাৰা জিলা ভ্ৰমণ কৰি গোৱালপাৰা চহৰখনৰ বলদমাৰি অঞ্চলৰ পৰা আৱৰ্ত ভৱন পৰ্যন্ত প্ৰায় এক কিল’মিটাৰ অংশত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়াৰ বুজ লয় | জলসম্পদ বিভাগে ইতিমধ্যেই এই অংশত খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ আৰু পৰ্কুপাইন দি অস্থায়ী আৰু জৰুৰী ব্যৱস্থা গ্ৰহণ কৰি কাম কৰি আছে |

জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনৰ সময়ত উপস্থিত স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে এই প্ৰায় এক কিল’মিটাৰ দৈঘ্যৰ অংশত অহা নৱেম্বৰ-ডিচেম্বৰ মাহৰ পৰা ভালদৰে স্থায়ী খহনীয়া প্ৰতিৰোধৰ কাম কৰা হ’ব | মন্ত্ৰী হাজৰীকাই উপস্থিত সাংবাদিকসকলৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে এক কিল’মিটাৰ খহনীয়া ৰোধৰ কাম কৰাৰ সমান্তৰালভাৱে আগন্তুক সময়ত দুটা পৰ্যায়ত গোৱালপাৰা জিলাৰ প্ৰায় ১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া ৰোধৰ কাম কৰি চহৰখনক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ পূৰ্ণ প্ৰয়াস কৰা হ’ব |

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ নদী খহনীয়াৰোধৰ বাবে এচিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ভাৰত চৰকাৰে লাভ কৰিবলগা প্ৰায় ৩৬০০ কোটি টকাৰ ঋণেৰে পৰ্যায়ক্ৰমে ৰাজ্যখনত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰোধৰ বাবে কাম আৰম্ভ কৰা হ’ব | উল্লেখযোগ্য যে এই ঋণৰ প্ৰায় ৯০ শতাংশ ধন ভাৰত চৰকাৰে পৰিশোধ কৰাৰ বিপৰীতে অসম চৰকাৰে ১০ শতাংশ পৰিশোধ কৰিব লাগিব |

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এচিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে কৰিবলগা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ কামসমূহ অসম চৰকাৰৰ নিজা পুঁজিৰে কৰা হোৱা নাই কিয়নো এনে কৰিলে একেটা কামৰ বাবে এচিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা পুঁজি লাভ কৰাত কিছু সমস্যা আহি পৰে | আনহাতে জৰুৰী ভাৱে প্ৰয়োজন হোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে অস্থায়ী আৰু জৰুৰী কাম কৰি খহনীয়া ৰোধ কৰি আছে |

ইফালে মন্ত্ৰীগৰাকীয়ে শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈও মন্তব্য কৰে।  তিনি গগৈক লৈ সৃষ্টি হোৱা ৰাজনৈতিক পৰিৱেশক লৈ হাজৰিকাই কয় যে, আগন্তুক ইলেকশ্যন এজনো গগৈয়ে আগেয়ে প্ৰতিন্দন্দ্বিতা কৰা সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে। সেইটো মই আজিয়েই কৈ থলো। লগতে মন্ত্ৰী হাজৰিকাই ৰাজনৈতিক উদ্দেশ্য় প্ৰণোদিত ভাৱে বিৰোধী নেতাসকলক আবোল-তাবোল নবকিবলৈ আহ্বান জনায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme