1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:35 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

অসমত খুব কম মানুহ ওলাব যিয়ে ছানী লিয়নৰ পৰ্ণ চোৱা নাই…

  • Update Time : Sunday, July 2, 2023

ডিজিটেল ডেস্কঃ বিশিষ্ট লেখক তথা প্ৰৱন্ধকাৰ ইমৰান হুচেইনে শেহতীয়াকৈ ছানী লিয়নিক লৈ উদ্ভৱ হোৱা পৰিস্থিতিক লৈ এক মননশীল লেখা প্ৰকাশ কৰিছে তেওঁৰ ফেচবুক ৱালত। সোঁতৰ বিপৰীতে কিছু কথা ভৱাই তুলিবলৈ বাধ্য কৰা এই লেখাটো হুবহুভাৱে প্ৰকাশ কৰা হল-

অসমত খুব কম মানুহ ওলাব যিয়ে ছানী লিয়নৰ পৰ্ণ চোৱা নাই… কিন্তু আমোদজনক কথা হ’ল সেই মানুহবোৰেই তেওঁক এতিয়া নিন্দা কৰে… অথচ আজিকালি ছানীয়ে পৰ্ণ নকৰে… ভাৰতীয় মূল ধাৰাৰ বোলছবিৰ অভিনেত্ৰী আৰু সমাজ কৰ্মী তেওঁ… কিন্তু অতি দুখজনকভাবে পৰ্ণ ছবিৰ প্ৰেতাত্মাই তেওঁক এতিয়াও খেদি ফুৰে… সৰহভাগ মানুহে তেওঁক সেই অতীতৰ লোলুপ দৃষ্টিৰেই চায়… যিসকল মানুহে ছানীক তেওঁৰ নতুন জীৱনৰ পাছতো সন্মানৰ যোগ্য বুলি নাভাবে সম্ভবত: তেওঁলোকেই ছানীক পৰ্ণষ্টাৰ হিচাবেই থাকি যোৱাটোৱে বিচাৰে… তেওঁলোকে নুবুজে যে ছানীৰ জীৱনৰ সংঘাত আৰু উত্তৰণক প্ৰশংসা কৰিব নোৱৰা কথাটো কিমান নিম্নমনৰ পৰিচয়… !
ছানীৰ অতীতে তেওঁৰ সততা, নিষ্ঠাৰ সংসাৰ ধৰ্ম, নিভাঁজ পশুপ্ৰেম, বৃদ্ধ দম্পত্তিক দিয়া আশ্ৰয়, বলাৎকাৰৰ বলি হোৱা তেৰ বছৰীয়া ছোৱালীৰ চিকিৎসা তথা আইনী সহায়, দুখীয়া নিৰাশ্ৰয় শিশুক সন্তানৰূপে বুকুত তুলি লোৱা মৰম, গ্ৰন্থৰচনা, ছবি অঁকা, কেনচাৰৰ বাবে কৰা অজস্ৰ দান, দুখীয়াৰ বাবে কৰা বিদ্যালয় নিৰ্মান আদি অলেখ সজ কামবোৰক দুখজনকভাবে নিস্প্ৰভ কৰি দিয়ে… অসমৰ কেইজন পুৰুষ, আনকি নাৰীয়ে পৰ্ণ নোচোৱাকৈ আছে ? সকলোৱে যেন ধোৱা তুলসীৰ পাত… !
কেতিয়াবা এনে লাগে আমাৰ সমাজে মানুহ ভাল হৈ যোৱাটো নিবিচাৰে… কোনো ব্যক্তি, বিশেষকৈ নাৰীয়ে সামাজিক দৃষ্টিত লজ্জাজনক অতীত আৰু পঙ্কিলতাৰ পৰা সংগ্ৰাম কৰি ওলাই আহি ভিন্ন আত্মপৰিচয় গঢ়ি তুলিলেও তাক স্বীকৃতি নিদিয়ে… সামাজিক বাবে কৰা ভাল কামবোৰ আৰু সন্মানজনক জীবিকাৰ বাবে কৰা সংগ্ৰাম আৰু উত্তৰণৰ প্ৰচেষ্টাক প্ৰশংসা নকৰে… এইবোৰ কথাই মানুহক ভাল হ’বলৈ অনুপ্ৰৰণা নিদিয়ে… মই এবাৰ টিভিত ছানীৰ ইনন্টাৰভিউ চাইছিলো… ভূপেন্দ্ৰ চৌবে লোৱা… সম্ভবত: সংঘাতৰ মাজেদি যোৱা এগৰাকী ভাল মনৰ মানুহে ইমান পৰিশীলিতভাবে পত্ৰকাৰৰ অসভ্য প্ৰশ্নবোৰৰ উত্তৰ সভ্যভাবে দিব পৰে !
আনহাতে, ফুলাম গামোচাৰে আদৰা কথাটো বহুতে বেয়া পাইছে… মোৰ মতে যি পুৰুষ বা নাৰীয়ে আন্ধকাৰ অতীত এৰি নতুন ভবিষ্যতৰ পিনে আগবাঢ়িছে তেওঁকহে গামোচাৰে আদৰিব লাগে… আমোদজনকভাবে যিবোৰ মানুহে গামোচা দি আদৰা কথাটো বেয়া পাইছে তেওঁলোকেই জাতি, ভেটি, মাটি, সংহতি, ঐতিহ্য বেচি দিয়া ৰাজনৈতিক নেতাক নিজৰ লাভৰ বাবে ফুলাম গোমোচা আৰু জাপিৰে আদৰি পৰ্ণষ্টাৰৰতকৈ কুৎসিত ৰূপত সামাজিক মাধ্যমত ছেলফি দিব আৰু দেহ বেচাতকৈ অধিক নিৰ্লজ্জৰূপত নিজৰ বিবেক বেচিব |
ক্ষমা প্ৰাৰ্থণাৰে…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme