ডিজিটেল ডেস্কঃ লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত বিগত দুটা বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ।
আগন্তুক নববৰ্ষৰ প্ৰথম ভাগতে সদৌ অসম ভিত্তিত শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা খন অনুষ্ঠিত হ’ব। উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পাঁচ আৰু ছয় তাৰিখে হালোগাওঁ মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গনত দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই একাঙ্কিকা নাট প্ৰতিযোগিতাৰ।
নাট প্ৰতিযোগীতাত যোগদানৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ নাট্য দল সমূহৰ পৰা পান্ডুলিপি বিচৰা হৈছে। বিভিন্ন পুৰস্কাৰৰ শিতানত প্ৰথম শ্ৰেষ্ঠ নাট্যদল, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ বাবে যথাক্ৰমে বিশ হাজাৰ, পোন্ধৰ হাজাৰ আৰু দহ হাজাৰ নগদ ধনৰ টোপোলাৰ লগতে স্মাৰক আৰু মানপত্ৰও প্ৰদান কৰা হ’ব।
আনহাতে শ্ৰেষ্ঠ পান্ডুলিপিৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ পৰিচালকৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ সহ-অভিনেতা আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বাবে তিনি হাজাৰ, শ্ৰেষ্ঠ শিশু শিল্পীৰ বাবে তিনি হাজাৰ নগদ ধনৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰো সিদ্ধান্ত লৈছে। প্ৰতিযোগিতা খনত যোগদান কৰিবলৈ অহা প্ৰতিটো নাট্যদলক অংশগ্ৰহণৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক নাট্যদলসমূহে নাটকৰ পান্ডুলিপি একত্ৰিশ ডিচেম্বৰৰ ভিতৰত পঠিয়াব লাগিব।
নাটকৰ পান্ডুলিপি পঠিয়াবলৈ মুকলি কৰিছে এটা ঠিকনা। ঠিকনাটো হৈছে মাৰফৎ: মা হোটেল এন্ড্ ফাষ্ট্ ফুড, ঘৰ নং – ২৪৭
(বৃহত্তৰ গণেশগুৰী শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰৰ সমীপত) হেঙেৰাবাৰী পথ, গণেশগুৰী, গুৱাহাটী- ৭৮১০০৬, অসম। ইয়াৰোপৰি ফোনযোগে পঠিয়াব খোজা সকললৈ মুকলি কৰা নম্বৰকেইটা হৈছে, +918876515128 / +919706263192.