ডিজিটেল ডেস্কঃ মানসিকতা কিমান বিপৰ্যয় হলে এটি ১২বছৰীয়া কিশোৰৰ মনত ধৰ্ষণৰ দৰে চিন্তা আহিব পাৰে এবাৰ ভাৱি চাওক। কেৱল ধৰ্ষণৰ চিন্তা নহয়। এগৰাকী ৮বছৰীয়া কিশোৰীক স্কুলৰ বাথৰূমত ভৰাই ধৰ্ষণৰ দৰে অপকৰ্মত লিপ্ত হল এগৰাকী ১২বছৰীয়া কিশোৰ। ইতিমধ্যে কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে বিশেষ আইন অধীনত গ্ৰেপ্তাৰ কৰিছে কিশোৰগৰাকীক।
ঘটনাতো সংঘটিত হৈছে পুণেত। পুণেৰ এখন বিদ্যালয়ত সংঘটিত হোৱা এই জঘণ্য কাণ্ডক লৈ এতিয়া বিমোৰত পৰিছে আৰক্ষীয়ে । অপৰাধীৰ বয়স ১২বছৰ হোৱাৰ বাবে বিশেষ আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে যদিও বিশেষ কোনো শাস্তি প্ৰদান কৰিব নোৱাৰে আৰক্ষীয়ে। পুণে গ্ৰামীণ আৰক্ষীয়ে বিদ্যালয়খনৰ কৰ্তৃপক্ষক লৈ তদন্ত অব্যাহত ৰাখিছে ।