1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 12:32 pm

নেমু ৰস আৰু দালি-ভাত তেওঁৰ প্ৰিয়ঃ কিমান টকাৰ সম্পত্তি আছে ৰাহুল গান্ধীৰ…

  • Update Time : Tuesday, June 13, 2023

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। শেহতীয়াকৈ ভাৰত জোডো় যাত্ৰাৰ পাছত নিজ ইমেজক লৈ চৰ্চাত থকা ৰাহুল গান্ধীৰ জীৱন শৈলীৰ বিষয়ে কিমান জানে আপুনি! সোণৰ চামুচ মুখত লৈ জন্ম হোৱা ৰাহুল গান্ধীৰ জীৱন শৈলী সৰুৰে পৰাই আনতকৈ পৃথক। বৰ্তমান ৫০ৰ দেওনা পাৰ হোৱা ৰাহুল গান্ধীয়ে দৈনিক কিছুসময়ত জীমত কটাবলৈ কেতিয়াও নাপাহৰে।

বহুতে হয়তো নাজানে যে, ৰাহুল গান্ধী জাপানী মাৰ্চিয়েল আৰ্টৰো নিপুণ। একিণ্ড নামৰ এই জাপানী মাৰ্চিয়েল আৰ্টত এগৰাকী ব্য়ক্তি কোনো অস্ত্ৰ-শস্ত্ৰ নোলোৱাকৈ শত্ৰুক ধৰাশায়ী কৰাৰ কিটিপ শিকোৱা হয়।  উল্লেখ কৰা প্ৰয়োজন যে, ১৯৯৫চনতেই কেমব্ৰিজৰ ত্ৰিণিটি কলেজৰ পৰা এফ ফিল ডিগ্ৰী গ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে।

খোৱাৰ  ক্ষেত্ৰত ৰাহুল গান্ধীৰ মেনুখন হৈছে অতি সাধাৰণ। যথেষ্ট পৰিমাণে হেল্ডী ফুডছহে দিনটোত গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে। ৰাতিপুৱা ব্ৰেকফাষ্টত প্ৰায়ে ৰাহুল গান্ধীয়ে দক্ষিণ ভাৰতৰ ইডলী আৰু ডোছা খোৱাৰ উপৰিও ড্ৰাই ফুটছ গ্ৰহণ কৰে।  ইয়াৰ পিছতে নেমুৰ চৰবত আৰু সাধাৰণ পানী যথেষ্ট পৰিমাণে সেৱন কৰে ৰাহুল গান্ধীয়ে। দুপৰীয়া আৰু ৰাতিৰ আহাৰত তেওঁ দালি-ভাত খোৱাৰ উপৰিও কেতিয়াবা ৰুটী-চবজী গ্ৰহণ কৰে। দক্ষিণ ভাৰতৰ খাদ্য খাই খুবেই ভাল পায় কংগ্ৰেছ নেতাগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, বেছিভাগ নিৰামিষ খাদ্য গ্ৰহণ কৰা ৰাহুলে কেতিয়াবা আমিষ আহাৰো গ্ৰহণ কৰে।

এতিয়া আহো, ৰাহুল গান্ধীৰ নিজা সম্পত্তিৰ কথালৈ। গান্ধী পৰিয়ালৰ সৈতে সংযুক্ত হোৱাৰ নিমিত্তে ৰাহুল গান্ধীৰ ধনৰ পৰিমাণ বিশ্বৰ ধনী ৰাজনৈতিক নেতাৰ সৈতে তুলনা কৰা হয় যদিও ৰাহুল গান্ধীয়ে নিৰ্বাচনী আয়োগক দিয়া পত্ৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৬কোটি বুলি উল্লেখ আছে। মিডিয়া ৰিৰ্পটৰ অনুসৰি, ৰাহুল গান্ধীয়ে বিভিন্ন উতসৰ পৰা মাহে ১০লাখ আৰু বছৰি প্ৰায় ১কোটি টকা উপাৰ্জন কৰে।

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme