ডিজিটেল ডেস্কঃ শনিবাৰে দুপৰীয়া ভাগত হঠাতে হুৱা-দুৱা লাগিল। স্কুলৰ মধ্যাহ্ন ভোজনৰ সময়চোৱাতে কেইবাগৰাকীও শিক্ষাৰ্থী অসুস্থ হৈ পৰাত এনেদৰে হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হৈছিল। শিক্ষকে গৈ দেখে যে, এগৰাকী শিক্ষাৰ্থীৰ ভোজনৰ কাহীঁত ওলাইছে এটা সাপঁ। মধ্যাহ্ন ভোজনৰ কাহীঁত এনেদৰে সাঁপ ওলোৱাক লৈ সৃষ্টি হোৱা পৰিৱেশে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে।
ঘটনাতো পিছে আমাৰ অসমৰ নহয়। বিহাৰৰ ফাৰবিঞ্জগঞ্জ নামৰ এটা অঞ্চলৰ এখন বিদ্যালয়ত সংঘটিত হয় এই ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, সাঁপ থকা খাদ্য খাই কেইবাগৰাকীও শিক্ষাৰ্থী এতিয়া চিকিতসাধীন। মিড ডে মিলৰ খাদ্যত কেনেকৈ সাপ ওলাইবলৈ পালে তাক লৈ তদন্তও ঘোষণা কৰিছে স্কুল পৰিদৰ্শকে।
ইফালে এই সমগ্ৰ ঘটনাক লৈ এতিয়াও আতংকিত স্কুলখনৰ কণ কণ শিক্ষাৰ্থী।