ডিজিটেল ডেস্কঃ চাৰিওফালে এতিয়া তীব্ৰ বিতৰ্ক। সকলোৰে মনত এটাই প্ৰশ্ন- কেনেকৈ ইমান কম সময়ত জামিন লাভ কৰিলে জোনমণি ৰাভাৰ গাড়়ীত খুন্দিওৱা ট্ৰাকখনৰ চালক সুমিত কুমাৰে। নিজে আত্মসমৰ্পণ কৰা সুমিতে তলে তলে জামিন লৈও বিহাৰস্থিত নিজৰ বাসভৱন পালেগৈ বুলি বাতৰি প্ৰকাশ হোৱাৰ পাছতে তীব্ৰ চৰ্চা সমগ্ৰ অসমত।
কিন্তু আপুনি জানেনে, কি কাৰনত ইমান কম সময়তে জামিন লাভ কৰিলে সুমিতে! ইয়াৰ কাৰন হ’ল, সুমিতৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তকাৰী বিষয়া তথা জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিছে গোচৰৰ তথ্য। ৮৪/২৩ নম্বৰত ৰুজু হৈছে এই গোচৰ। ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৪২৭/৩০৪ (এ) ধাৰাত ৰুজু হৈছিল সুমিত কুমাৰৰ বিৰুদ্ধে গোচৰ।
আমি জনা উচিত যে, , ৰাচ এণ্ড নেগলিজেঞ্চ, ডেমেঞ্জ, কজিং ডেথ বাই নেগলিজেঞ্চ এই কেইটা ধাৰাত গোচৰ ৰুজু হোৱাত এটা কথা স্পষ্ট হৈ পৰিছে যে, আৰক্ষীয়ে সমগ্ৰ ঘটনাটো এক প্ৰকাৰৰ দুৰ্ঘটনা বুলিয়েই নিশ্চিত হৈছে। সেইবাবেই কম সময়ৰ ভিতৰতে ৰাজ্য কপোৱা এটা বিষয়টো জামিন পালে সুমিতে।