1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 12:44 pm

সদল বলে চিনেমা চালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

  • Update Time : Thursday, May 11, 2023

ডিজিটেল ডেস্কঃ বিৰ্তক হৈ থকাৰ সময়তে গুৱাহাটীত বৃহস্পতিবাৰে দ্য কেৰালা ষ্টৰী চিনেমাখন উপভোগ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অতুল বৰাৰ লগতে বহুকেইজন মন্ত্ৰী-বিধায়কৰ সৈতে এই ছবিখন উপভোগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ছবিখন উপভোগ কৰি সংবাদমাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-  ‘‘এই ছবিখন কোনো জাতিৰ বিৰুদ্ধে নহয়, বৰঞ্চ ই সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে। যিসকলে এই ছবিখন নিষিদ্ধ কৰিছে, সেইসকলে ভূল সিদ্ধান্ত লৈছে।’’

সুদীপ্ত সেনৰ দ্বাৰা পৰিচালিত এই ছবিখনে এতিয়া খলকনিৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত। ৫মেত মুক্তি পোৱা এই ছবিখনত টিজাৰত কেৰালাৰ হাজাৰ হাজাৰ ছোৱালীক ইছলামিক ষ্টেট অফ ইৰাক এণ্ড ছিৰিয়াত নিযুক্তিৰ বাবে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ দাবী বৃদ্ধি পোৱাৰ পিছতে ছবিখনৰ বিষয়ে বিতৰ্কৰ আৰম্ভ হয়। ছবিখনত আদা শৰ্মাই ইছলাম ধৰ্ম গ্ৰহণ কৰি আইছিছত যোগদান কৰা এগৰাকী হিন্দু মালয়ালি নাৰ্চৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত কেৰালাৰ পৰা নিৰুদ্দেশ হোৱাৰ পিচত ইছলাম ধৰ্ম গ্ৰহণ কৰে ফাতিমাই আৰু ইৰাক ছিৰিয়াৰ ইছলামিক ষ্টেটত নিযুক্তি পোৱা ৩২ হাজাৰ ছোৱালীৰ ভিতৰত এগৰাকী বুলি দাবী কৰা কথা কাহিনী ৰূপত দেখুওৱা হৈছে।

ছবিখন মুক্তিৰ পিছতে পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছ চৰকাৰে উক্ত ছবিখন নিষিদ্ধ কৰিছে।দ্য কেৰালা ষ্টৰীৰ নিৰ্মাতা এই সিদ্ধান্তক ৰাজনৈতিক ভাৱে প্ৰেৰিত বুলি মন্তব্য কৰাৰ লগতে চিনেমাখন পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ছবিখন চাবলৈ আহবান জনায় আৰু ছবিখন চাই এটা উপযুক্ত সিদ্ধান্ত লবলৈ কয় সুদীপ্ত সেনে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme