1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:42 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

প্ৰথম দেখাতেই কাৰোবাৰ সৈতে প্ৰেম কিয় হয়? জানেনে আপুনি…?

  • Update Time : Monday, December 6, 2021

ডিজিটেল ডেস্কঃ প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়! কেতিয়া, ক’ত, কাৰ সৈতে প্ৰেম হব সেয়া কোনেও নাজানে। কেতিয়াবা এনে হয় কাৰোবাক দেখিলেই এনে লাগে যেন সেইজন ব্যক্তি আপোনাৰ বহুদিনৰে চিনাকি। তেওঁৰ চাল-চলন, তেওঁৰ কথা-বতৰা, ব্যক্তিত্ব, কাম-কাজ আপোনাৰ খুবেই ভালে। জানেনে প্ৰেম প্ৰেম লগা প্ৰথম এই অনুভূতি আপোনাৰ মনত কিয় থিতাপি লয়। ইয়াৰ আঁৰতো আছে বৈজ্ঞানিক কাৰন।

প্ৰথম দেখাতেই প্ৰেম কিয় হয় তাৰ আঁৰত থকা বৈজ্ঞানিক কাৰনৰ সন্দৰ্ভত শেহতীয়াকৈ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰিছে বাতৰি। প্ৰথম দেখাতেই প্ৰেমৰ আঁৰত কি বৈজ্ঞানিক কাৰন আছে তাক লৈ এদল বৈজ্ঞানিকে চলাইছিল এক মনোবৈজ্ঞানিক পৰীক্ষা(Study On Love at First Site) । এই পৰীক্ষাক বহুতে Blind Date হিচাপেও নামাকৰণ কৰিব খোজে। এই পৰীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি, যেতিয়া এগৰাকী ব্যক্তি আন এগৰাকীক ভাল লাগে, সেই সময়ত দুয়োগৰাকীৰ বুকু ধপধপনি একেই হৈ পৰে।

এই পৰীক্ষাৰ বাবে ১৪২গৰাকী লোকক লোৱা হৈছিল আৰু সকলোৰে বয়স আছিল ১৮ৰ পৰা ৩৮বছৰ। এই পৰীক্ষাত অন্তভূক্ত সকলোৰে দেহত সংস্থাপন কৰা হৈছিল আই ট্ৰেকিং গ্লাছ আৰু হাৰ্ট ৰেট মনিটৰছ্। লগতে ঘামৰ সৈতে সংস্পৰ্শ থকা এবিধ যন্ত্ৰও সংস্থাপন কৰা হৈছিল। এই পৰীক্ষাত অন্তভূক্ত ১৭গৰাকী যুগলে প্ৰথম দেখাতেই প্ৰেমত পৰিছিল। বৈজ্ঞানিকসকলে দাবী কৰিছে যে, প্ৰথম দেখাতেই প্ৰেম তেতিয়াহে হয় যেতিয়া সেই সময়খিনিত একেই ধৰণে দুয়োৰে বুকুৰ ধপধপনি হয়। এই প্ৰক্ৰিয়াক বৈজ্ঞানিকসকলে ফিজিঅলজিকেল ছিক্ৰনী নাম দিছে। Nature Human Behavior নামৰ এখন স্বাস্থ্য পত্ৰিকাত এই কথা প্ৰকাশ পাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme