1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 12:36 pm

HAPPY ৰখাটো তেনেই সহজঃ পত্নী সদায়েই সুখী থাকিব, যদিহে আপুনি কৰে এই ৭টা কাম…

  • Update Time : Thursday, May 11, 2023

ডিজিটেল ডেস্কঃ এখন সংসাৰ সুখেৰে তেতিয়াহে চলে যেতিয়া স্বামী আৰু পত্নীৰ মাজত ভালকৈ বুজাবুজি থাকে। সংসাৰ খন সুখেৰে ৰাখিবলৈ বা আপোনাৰ পত্নীক সুখেৰে ৰাখিবলৈ তলত দিয়া ৭টা কথা সদায়ে মনত ৰাখিব-

১.প্ৰথমতে তেওঁ এইটো বিচাৰে যে তেওঁৰ জৰুৰী কথাবোৰ স্বামীয়ে বুজি পায়। উদাহৰণ স্বৰূপে- যদি নতুনকৈ বিয়া হৈ আহিছে তেতিয়া পত্নীক সকলো কথা বা কাম বুজিবলৈ সময় লাগে ।তেনে ক্ষেত্ৰত স্বামীয়ে বুজি পাব লাগে। পত্নীয়ে কিবা দুখত থাকিলেও অলপ বুজিব লাগে যে তেওঁৰ কি হৈছে বা সেই সময়ত তেওঁক লগ দিব লাগে।

২.পত্নীৰ লগত খোলাকে আৰু গভীৰকে কথা পাতিব লাগে।যেনে-  স্বামীক যদি পত্নীয়ে কিবা কথা সুধে কি হ’ল বা কিয় মন মাৰি আছা এনেকুৱা বিভিন্ন ধৰণৰ কথা সুধিলে কিছুমান স্বামীয়ে অকল এটা কথা কৈ থৈ দিয়ে। এনেকে নহয় পত্নীৰ লগত খুলি কথা পাতক।কি হৈছে ,কিয় মন বেয়া সকলো খুলি ক’ব লাগে। অকল নিজৰ বিষয়েই যে ক’ব লাগে তেনেকুৱা নহয়। পত্নীকো সূধিব লাগে।

৩. গুৰুত্ব দিয়ক। গুৰুত্ব নিদিয়া দৰে নকৰিব । কাৰণ পত্নীয়ে বিচাৰে স্বামীয়ে গুৰুত্ব দিয়াটো।যেনে- আপুনি যদি অকল মোবাইলত বা কিবা কামতে ব্যস্ত থাকে আৰু পত্নীক একো নকয় বা কথা নাপাতে তেতিয়া পত্নীয়ে দুখ কৰে আৰু ভাবে মোক  গুৰুত্ব নিদিয়ে। সেই কাৰণে যিমান ব্যস্ত হ’লেও পত্নীক অলপ সময় দিব লাগে।

৪. পত্নীয়ে যদি কিবা ভাল কাম কৰে তেতিয়া তেওঁক স্বামীয়ে উৎসাহ দিব লাগে ক’ব লাগে যে তুমি ভাল কৰিছা বা আমোক টামোক।উৎসাহ দিলেহে মনোবল বাঢ়ে। সেই কাৰণে কিবা ভাল কাম কৰিবলে উৎসাহ দিয়ক । পত্নীয়ে ও বিচাৰে মোৰ এই কামটোৰ বাবে স্বামীয়ে মোক উৎসাহ দিয়ক, ভাল বুলি কওঁক।

৫.পত্নীক অকল গালি দি নহয় মৰমেৰে সকলো কথা ক’ব লাগে।পত্নীয়ে ভুল কৰিব পাৰে। কিন্তু সেই বুলি তেওঁক গালি দিয়া বা খঙ কৰাতোঁ ভাল কথা নহয়। তেওঁক মৰমেৰেও বুজাব পাৰে তেতিয়াও তেওঁ বুজি পাব আৰু সেই ভুলটো নকৰিব । সেই কাৰণে সদায় খঙ বা গালি দি নহয় মৰমেৰে ও ক’ব লাগে।

৬.পত্নীয়ে বিচাৰে স্বামীয়ে যাতে পত্নীক সন্মান কৰে বা দিয়ে। কাৰণ পত্নীয়ে সকলো কাম কৰে পত্নী ঘৰৰ লক্ষ্মী ও ঘৰৰ অন্নপূৰ্ণাও ।পত্নীয়ে নিবিচাৰে যে তেওঁক পূজা কৰাটো তেওঁ বিচাৰে যে অলপ সন্মান দিয়ক। মহিলাসকলক কিবা যদি দিব বিচাৰে তেতিয়া সকলোতকৈ ডাঙৰ বস্তু হ’ল সন্মান।

৭. পত্নীক গুৰুত্ব বা পত্নীক মূল্য দিব লাগে।যেনে- স্বামীয়ে যদি কিবা ল’ব বিচাৰিছে বা কিবা কৰিব বিচাৰিছে তেতিয়া পত্নীক ক’ব লাগে সুধিব লাগে । তেতিয়াহে পত্নীয়ে ভাল পায় ভাবে মোৰ স্বামীয়ে মোক কিবা কৰিলে সুধে বা কয়।পত্নীয়েটো এইটোৱেই বিচাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme