1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 12:45 pm

১২বছৰ প্ৰেম, তাৰ পিছত ঠিক হৈছিল বিয়াঃ কিন্তু জোৰণৰ দিনা পলায়ন কৰিছিল দৰাই, পুলিচে বিচাৰি পালে গুৱাহাটীত…

  • Update Time : Thursday, May 11, 2023

ডিজিটেল ডেস্কঃ এটা পোখা মেলা সপোন নিমিষতে ভাঙি চাৰখাৰ হৈছিল। বিয়াৰ দৰে পৱিত্ৰ বান্ধোনত বান্ধ খাই এখন সুখৰ সংসাৰ কৰিম বুলি ভাৱি থকা এগৰাকী যুৱতীৰ সপোন ভাঙি চাৰখাৰ হৈছিল। ঘটনাতো চতিয়াৰ। জোৰোণ দিবলৈ নাহিল দৰাঘৰৰ মানুহ। বিয়াৰ দিন বাৰ ঠিক কৰি এইবাৰ দৰাঘৰৰ মানুহ নাহিল কইনাক জোৰোণ দিবলৈ।

দুদিনৰ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা। ১২বছৰ প্ৰেমৰ অন্তত চতিয়াৰ নয়নমণি শইকীয়াৰ নাগশংকৰ কমাৰচুক গাঁওৰ পুনেশ্বৰ শইকীয়াৰ জীয়াৰীৰ লগত বিয়া ঠিক হৈছিল। কিন্তু সকলোকে আচৰিত কৰি বিয়াৰ জোৰণৰ দিনা অন্তৰ্ধান হৈছিল দৰা নয়নমণি। যোৱা মঙলবাৰে  জোৰোনৰ দিনাই দৰা নিৰুদ্দেশ হোৱাৰ ঘটনাই  উত্তপ্ত কৰি তুলিছিল চতিয়া।

কন্যা ঘৰীয়া মহিলা সকলে চতিয়া আৰক্ষী চকী ঘেৰাও কৰি প্ৰতাৰক দৰা নয়নমনিক গ্ৰেপ্তাৰৰ দাবীত উত্তপ্ত কৰি তুলিছিল চতিয়া আৰক্ষী চকী। ৰাইজৰ ততপৰতাৰ পাছতে আৰক্ষীয়ে বিচাৰি উলিয়ালে পলৰীয়া দৰা নয়নমণিক। বৰ্তমান বশিষ্ঠ থানাৰ আলহী নয়নমণি। কি কাৰনত নয়নমণিয়ে এনেদৰে বিয়াৰ আগদিনা এনেদৰে গণনা আনিবলৈ বুলি আহি পলায়ন কৰিছিল তাৰ কাৰন এতিয়া অজ্ঞাত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme