1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:38 am

কেটলৈ বিবাহত চলমানৰ বিশেষ উপহাৰ… শ্বেৰাই ল’ব কেটৰিণাৰ সুৰক্ষাৰ দায়িত্ব!

  • Update Time : Monday, December 6, 2021

ডিজিটেল ডেস্কঃ কেটৰিণা কাঈফ আৰু বিকি কৌশলৰ বিবাহক লৈ সমগ্ৰ দেশতে অব্যাহত আছে চৰ্চা। ৯ ডিচেম্বৰত জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিব কেট-বিকিয়ে। বিকি-কেটৰ আগন্তক বিয়াখনকলৈ বলীউডত চৰ্চা অব্যাহত থকাৰ সময়তে খবৰ অনুসৰি কেট আৰু বিকিৰ পৰিয়াল ৰাওনা হৈছে ৰাজস্থান অভিমুখে।

কিয়নো বহুচৰ্চিত বিয়াখন ৰাজস্থানত অনুষ্ঠিত হ’ব। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হ’ব লগা বিয়াখনত অতিথিও হ’ব অতি সীমিত। বিয়াখনত প্ৰৱেশ কৰিবলৈও অতিথিসকলক প্ৰদান কৰা হ’ব এটা গোপন কোড। প্ৰবেশৰ পথত গোপন কোডটো গেটত দিলেহে প্ৰৱেশ কৰিব পাৰিব বিয়াত।

কটকটীয়া নিৰাপত্তাবেষ্টনীৰ দায়িত্বত কোন কোন থাকিব সেই বিষয়টো লৈও চৰ্চা চলিছে। কেটৰিণাৰ পূৰ্বৰ ৰিউমাৰ বয়ফ্ৰেণ্ড চলমান খানৰ নামো এতিয়া চৰ্চাত আহিছে। কেটৰ বিয়াত চলমানক মতা হৈছেনে? চলমান উপস্থিত থাকক নাথাকক পূৰ্বৰ প্ৰেয়সীৰ বিয়াত কিন্তু চলমানৰ বডীগাৰ্ড শ্বেৰাক নিয়োগ কৰা হ’ব লগতে চলমানৰ নিৰাপত্তাৰ দায়িত্ব লোৱা টাইগাৰ সংস্থাটোৱে কেট-বিকিৰ বিয়াত নিৰাপত্তাৰ দায়িত্বত থাকিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme