1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 9:05 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

মোক গুলীয়াই দিব নেকি? ডাঃ ৱালিউলে বাৰে বাৰে সুধিছে আৰক্ষীক…

  • Update Time : Tuesday, May 9, 2023

ডিজিটেল ডেস্কঃ নৃশংসতাৰ সকলো পৰিধি পাৰ হৈ দুটি কণমাণিক মানসিক, শাৰিৰিক নিৰ্যাতন চলাই তৃপ্তি লাভ কৰা দুই চিকিতসক দম্পত্তী এতিয়া ৰঙাঘৰৰ আলহী। আৰক্ষীৰ লকআপত থাকিও ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে পাহৰিব পৰা নাই তথাকথিত আভিজাত্যৰ অভ্যাস। লকআপত থাকি ডাঃ ৱালিউলে প্ৰতিদিনে পুৱা কৰিছে যোগাভ্য়াস। মানসিকভাৱে দুৰ্বল হৈ পৰা ডাঃ ৱালিউলে নিজকে স্থিৰ ৰাখিবলৈ যোগাভ্যাসৰ আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে। লকআপত থাকিও তদন্তৰ বাবে অহা আৰক্ষীক বাৰে বাৰে ৱালিউলে সুধিছে- মোক গুলীয়াই দিব নেকি!  অৱশ্যে ডাঃ ৱালিউলক আৰক্ষীয়ে আশ্বাস দিছে যে, তদন্তত সহযোগিতা কৰি যাওক। তেনে একো ঘটনা সংঘটিত নহয়।

ইফালে লকআপত থাকি ডাঃ সংগীতাই বাৰে বাৰে নাম লৈছে উচ্চ পদবীধাৰী বিভিন্নজন লোকৰ। লকআপৰ বাহিৰলৈ ওলাই আহি তদন্তকাৰী আৰক্ষী বিষয়াৰ সৈতে তৰ্কত লিপ্ত হৈছে ডাঃ সংগীতা। লগতে আৰক্ষীক প্ৰশ্ন কৰিছে যে, কিয় তেওঁক দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে।  উচ্চ পদবীধাৰী লোকসকলে এসময়ত তেওঁৰ সৈতে উঠা-বহা কৰি বিপদৰ সময়ত গা এৰা দিয়া বুলিও চিঞৰি চিঞৰি কৈছে ডাঃ সংগীতাই।

উল্লেখ কৰা প্ৰয়োজন যে, আৰক্ষীয়ে নিজা জিম্মাতে ৰাখি উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme