1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:28 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

বেঙেনাৰ আছে বহু উপকাৰিতা, জানেনে আপুনি…

  • Update Time : Friday, April 21, 2023

ডিজিটেল ডেস্কঃ আমাৰ ৰন্ধন প্ৰকৰণত বেঙেনাই এক উত্তম স্থান লৈ আহিছে। ধনী-দুখীয়া সকলোৰে পাকঘৰত বা ভাতৰ থালত বেঙেনাই স্থান লাভ কৰে। বিভিন্ন ৰন্ধন-প্ৰকৰণত বেঙেনা মিহলোৱা হয়। খাৰ আদিত বেঙেনা মহা মূল্যৱান।

তাৰ উপৰি বেঙেনা চকল-চকলকৈ ভজা, বেচনত লেটিয়াই ভাষা প্ৰায় সকলোৰে প্ৰিয়। আলু-বেঙেনাৰ পিটিকা অসমীয়া লোকে কেতিয়াও ত্যাগ কৰি চলিব নোৱাৰে।

আজিকালি ডাঙৰ ডাঙৰ পাৰ্টী, বিয়া-সবাহতো আলু-বেঙেনা পিটিকা ‘আইটেম’ হিচাপে ৰাখি অসমীয়া খাদ্য-সংস্কৃতিৰ চানেকি দাঙি ধৰিবলৈ বহুতে চেষ্টা কৰা দেখা যায়।

অসমীয়া খাদ্যৰ হোটেল, ৰেষ্টুৰেন্টতো এই পিটিকা পৰিৱেশন কৰা হয়। পিছি জিভাৰ জুতিৰ বাহিৰেও এই বেঙেনাৰ কিন্তু ভাবিব নোৱাৰা উপকাৰিতা আছে। এই উপকাৰিতাৰ বিষয়ে জানিব পাৰিলে বেঙেনা ভাল পোৱাসকলৰ মনটো নিশ্চয় ভাল লাগিব।

বেঙেনা এবিধ এন্টি-অক্সিডেন্টযুক্ত পাচলি। এন্টি অক্সিডেন্ট আমাৰ শৰীৰৰ বাবে এবিধ অতি প্ৰয়োজনীয় উপাদান। শৰীৰত থকা এন্টি অক্সিডেন্টে চাৰিটা কাম প্ৰধানকৈ কৰে।

ক)বয়স অনুপাতে শৰীৰৰ শ্ৰীবৃদ্ধি,

খ)ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি,

গ)ডি এন এ মেৰামতি,

ঘ)কোষবিলাকক নিৰাপত্তা প্ৰদান।

ভিটামিন এ, চি, ই, বিটা-কেৰ’টিন, আলফা-কেৰ’টিন, চেলেনিয়াম আদি হৈছে এন্টি-অক্সিডেন্ট উপলব্ধ উৎস। বিলাহী, গাজৰ, মটৰমাহ, ফল-মূল, সেউজীয়া শাক-পাচলি আদিত যথেষ্ট এন্টি-অক্সিডেন্ট থকা বাবেই আজি বিশেষজ্ঞসকলে প্ৰমাণ কৰিছে যে এই পাচলিবোৰৰ ভিতৰতো বেঙেনা আন এবিধ উত্তমভাৱে এন্টি-অক্সিডেন্টযুক্ত পাচলি, শৰীৰত এন্টি-অক্সিডেন্ট কিয় প্ৰয়োজন ওপৰত লিখা হৈছে, গতিকে খাওঁতাসকলেও চিন্তা কৰা উচিত কিয় বেঙেনা খোৱা উচিত।

আমেৰিকাৰ কেইবাটাও স্বাস্থ্য গৱেষণাগাৰে বেঙেনা সম্পৰ্কত দীঘলীয়া গৱেষণা কৰি আহিছে। বেঙেনাত সাধাৰণতে যথেষ্ট পৰিমাণে ফেনোলিক যৌগ থাকে। এই যৌগবিধেই এন্টি-অক্সিডেন্ট হিচাপে কাম কৰে।

বিজ্ঞানীসকলে কয় ফেনোলিক এচিডৰ শৰীৰত উৎপন্ন হোৱা ফ্ৰী ৰেডিকেলছ ধ্বংস কৰাৰ ক্ষমতা আছে। আনহাতে মানুহৰ শৰীৰত উচ্চ মাত্ৰাৰ কলেষ্টে’ৰেল কমোৱাত বেঙেনা সহায়ক। বিজ্ঞানীসকলে পাকস্থলীত কৰ্কট ৰোগত ভোগা ৰোগীক বেঙেনা খাবলৈ দিয়াৰ ফলত এই ৰোগৰ উপশম হোৱা দেখিবলৈ পাইছে।

ডায়’বেটিচ ৰোগ, মগজুৰ কোষৰ ভিতৰত থকা লিপিডক ৰক্ষা কৰাত বেঙেনাৰ অপৰিসীম অৰিহণা আছে। বেঙেনাত যথেষ্ট পৰিমাণে কেলচিয়াম থকাত হাড়ৰ গঠনৰ বাবেও উত্তম।

জাপান, ভাৰত, চীন, ফিলিপাইনছ, ছুডান, ইণ্ডোনেছিয়া আদি দেশত বেঙেনা প্ৰচুৰভাৱে উৎপাদন হয়। বেঙেনাত ফাইবাৰ, চৰ্বি, ফছফৰাছ, ছ’ডিয়াম, আইৰন, ছালফাৰ, প্ৰ’টিন, অক্যালিক এচিড, কেলচিয়াম, কাৰ্বহাইড্ৰেট, মেগনেচিয়াম, কপাৰ, ক্লৰিন আদি সকলো উপাদান পোৱা যায়।

সেয়েহে বাৰীত বেঙেনা কেইজোপামান ৰুই ভালদৰে যতন ল’বলৈ হেলা কৰা উচিত নহয়।

চহৰীয়া লোকেও আন পাচলিৰ লগতে বজাৰত দ’ম হৈ থকা বেঙেনাসোপা ভৰাই অনাত গুৰুত্ব দিয়া উচিত। আমাৰ আগৰ দিনৰ গাঁৱৰ ঘৰবোৰত গুৰিত ফুটছাই দি থোৱা বেঙেনা গছবোৰলৈ মনত পৰে।

পিটিকাকে ধৰি বেঙেনাৰ বিভিন্ন ব্যঞ্জন। অকনমান তেল দি কুটা বেঙেনাৰ ভাজিকণেৰে ভাতকেইটা খোৱাৰ তৃপ্তি।

আগৰ দিনৰ মানুহে বাৰীৰ পাণ-পাচলিৰ লগতে এই বেঙেনা খাদ্যৰ তালিকাত যথেষ্টভাৱে ব্যৱহাৰ কৰাৰ বাবেই হয়তো আগৰ দিনৰ মানুহৰ স্বাস্থ্য ৰক্ষা পৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme