ডিজিটেল ডেস্কঃ সেনা জোৱান আৰু নগাসকলৰ মাজত অব্যাহত আছে বিবাদ। নাগালেণ্ডৰ অটিঙত বৰ্তমানলৈ ১৫ গৰাকীকৈ লোকক হত্যা কৰাৰ প্ৰতিবাদত উত্তাল হৈ আছে নাগালেণ্ড। ৬ ঘণ্টীয়া নাগালেণ্ড বন্ধৰো আহ্বান জনাইছে নগা ষ্টুডেণ্ট ফেডাৰেচনে। সোমবাৰে পুৱা ৬ বজাৰ পৰা ১২ বজালৈ আহ্বান কৰা এই বন্ধত স্তব্ধ হৈ পৰিছে নাগালেণ্ডৰ জনজীৱন।
মন জিলাৰ অটিঙত সেনাই বৰ্বৰভাৱে কৰা এই আক্ৰমনক লৈ কেৱল নাগালেণ্ডতেই নহয় সমগ্ৰ উত্তৰ পূবতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমানো উত্তাল হৈ থকা মন জিলাৰ ঘটনাটোৰ তদন্তৰ বাবে দেওবাৰে ঘটনা সংঘটিত অঞ্চলৰ পৰিদৰ্শন কৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰৰ লগতে আয়ুক্ত ৰভিলাতো মৰ, মন জিলাৰ উপায়ুক্ত আৰু মন্ত্ৰী পাইওঙা কন্যাক আদিৰ এটা দলে।
দেওবাৰে উত্তপ্ত হৈ পৰা মন আৰু টুৱেঙচাঙ জিলাৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে। সোমবাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ও উপস্থিত হৈছে ঘটনাস্থলীত। নাগালেণ্ডৰ পৰিস্থিতি অৱনতি ঘটাৰ শংকাৰে সমগ্ৰ নাগালেণ্ডত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
উল্লেখ্য যে, ৬ ডিচেম্বৰ সোমবাৰে নাগালেণ্ডৰ কহিমাত অনুষ্টিত হৈ থকা হৰ্নবিল উৎসৱৰ সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে। ইফালে তিৰুৰ সেনাৰ নৰসংহাৰৰ ঘটনাটোৰ তদন্তৰ বাবে নাগালেণ্ড চৰকাৰে এখন পাঁচজনীয়া বিশেষ তদন্ত সমিতি গঠন কৰিছে। তদন্ত সমিতিত আছে আই জি পি লিমাছুনুপ জমিৰ, চি আই অ ৰূপা এম, ডি আই জি মনোজ কুমাৰ, অপৰাধ শাখাৰ কিলাঙ ৱালিঙ, এছ পি ৰেলি পি এ, আৰু এন এ পিৰ ডিষ্ট্ৰিক কমাণ্ডাৰ।
এই বিশেষ তদন্ত সমিতিত নাগা আৰক্ষীৰ বিষয়াও থাকিব বুলি জানিব পৰা গৈছে। দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য প্ৰমাণো সংগ্ৰহ কৰিব। এছ আই টিক তদাৰক কৰিব আইন শৃংখলা বিভাগৰ বিষয়া সঞ্জীৱ এম টমগডগে। সমিতিখনক প্ৰতিবেদন দাখিল কৰিবৰ বাবে এমাহ সময় দিয়া হৈছে। ইফালে নিহত গঞাৰ মৃতদেহ অন্ত্যষ্টিক্ৰিয়া সোমবাৰে বিয়লি অটিঙত ৰাজহুৱাকৈ কৰা হ’ব । এই কবৰ দিয়া অনুষ্ঠানত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পাট্টন উপস্থিত থাকিব।