1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:17 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

হাঁহি হাঁহি ৰাজনীতি কৰা, আপোনভোলা মানুহজনৰ আজি ওপজা দিন…

  • Update Time : Saturday, April 1, 2023

ডিজিটেল ডেস্কঃ তৰুণ গগৈ । আপোনভোলা,কাৰোলৈ ভয় নকৰা সকলোৰে পৰিচিত আৰু মৰমৰ মানুহজনেই আছিল তৰুণ গগৈ।  আজি তৰুণ গগৈৰ ওপজা দিন। তৰুণ গগৈ আছিল এজন অত্যন্ত উদ্যমী আৰু ৰসাল ব্যক্তি । ৰাজনৈতিক ক্ষেত্ৰৰ তেওঁৰ পাৰদৰ্শিতাৰ সাক্ষী তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী ৰূপে অসমক সমৃদ্ধশালী কৰিবলৈ তেওঁ গ্ৰহণ কৰা স্থিতি । ৰাজনীতি তেওঁৰ তেজত আছিল । সেয়েহে ৰাষ্ট্ৰীয় পৰ্যায়টো কংগ্ৰেছৰ শীৰ্ষ বিষয়বাব ল’ব লগা হৈছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, ১৯৩৬চনৰ ১এপ্ৰিলত ৰঙাজান চাহ বাগিছাত জন্ম গ্ৰহণ কৰিছিল তৰুন গগৈ । ধাৰাবাহিকভাৱে তিনিবাৰকৈ ২০০১চনৰ ১৪মে’ৰ পৰা ২০১৬চনৰ লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল। ৰাজনৈতিক পৰিপক্কতাৰ বাবে তেওঁ মুখৰ এটা বাক্যই সাধাৰণ ভোটাৰৰ বাবে বিৰোধীৰ বিৰুদ্ধে পাশুপাত অস্ত্ৰ হৈছিল।

ৰাজনীতিত তেওঁ আছিল বিশ্ৰামহীন ৰণুৱা। তেওঁ বুজি পাইছিল কেনেকৈ কৰিব লাগে ৰাজনীতি। কেতিয়া , কত, কাক আঁকোৱালি আৰু কাক প্ৰত্যাহ্বান জনাব লাগে। সেয়েহে তেওঁ ক’ব পাৰিছিল- “হু ইজ বদৰুদ্দিন । ”

ৰঙাজান চাহ বাগিছাত থকা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে। তাৰ পিছত তেওঁ যোৰহাটত আৰু ভোলাগুৰি হাইস্কুলত পৰৱৰ্তী শ্ৰেণী অধ্যয়ন কৰে। ১৯৪৯চনত যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল। পঢ়া-শুনাত মেধাৱী নাছিল তেওঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ জে বি কলেজত নামভৰ্তি কৰিছিল তৰুণ গগৈয়ে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰি ৰাজনীতিৰে জড়িত হৈ পৰিছিল তেওঁ। সকলোৰে বাবে তেওঁৰ নামটো আছিল এজন স্বভাৱসুলভ, হাঁহিমুখীয়া আৰু ৰাজ্যৰ ৰাজনীতিত সাম্প্ৰতিক সময়ৰ এক চৰ্চিত নাম। কোৰোনাৰ সংক্ৰমণৰ আগলৈকে তেওঁ আছিল অত্যন্ত সক্ৰিয় কংগ্ৰেছৰ এজন নেতা।
উল্লেখযোগ্য যে, ৬বাৰকৈ লোকসভাৰ সাংসদ হৈছিল তেওঁ। ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ১৯৬৭ চনত যোৰহাট মিউনিচিপালিটী বৰ্ডৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল।

১৯৭৬ত তেওঁ এ আই চি চি (নিখিল ভাৰত কংগ্ৰেছ কমিটি)ৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯৭৭চনত দ্বিতীয়বাৰৰ বাবে ,১৯৮৩চনত তৃতীয় বাৰৰ বাবে সাংসদৰূপে তেওঁ নিৰ্বাচিত হৈছিল। ১৯৮৩চনত তেওঁ পুনৰ এ আই চি চিৰ যুটীয়া সম্পাদক হয়।

১৯৮৫ত এ আই চিচিৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈছিল তৰুণ গগৈয়ে। ইন্দিৰা গান্ধীৰো ঘনিষ্ঠ আছিল তৰুণ গগৈ। ১৯৮৬ৰ পৰা ১৯৯০লৈ তেওঁ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। ১৯৯১চনত তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰী(ৰাজ্যিক স্বতন্ত্ৰ)ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।

তেওঁ কলিয়াবৰৰ পৰা ১৯৯১চনত সাংসদৰূপে নিৰ্বাচিত হৈ এই মন্ত্ৰীত্ব লাভ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত। ১৯৯৩চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৮চনত তেওঁ পুনৰ সাংসদ ৰূপে নিৰ্বাচিত হয়।

১৯৯৯চনত ষষ্ঠবাৰৰ বাবে কলিয়াবৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল গগৈ। ৰাজ্যৰ ৰাজনীতিত পট পৰিৱৰ্তন ঘটাত তৰুণ গগৈ পুনৰ ঘূৰি আহে অসমলৈ । গুপ্তহত্যা, চৰকাৰী কৰ্মচাৰীক দৰমহা দিব নোৱাৰা আদি অনেক সমস্যাৰে জৰ্জৰিত অসমত ২০০১চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল।

তৰুণ গগৈয়ে মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লৈছিল। মুঠ ১৫বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আছিল তৰুণ গগৈ। ২০১৬চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ পতন ঘটে। অৱসান ঘটিছিল তৰুণ গগৈৰ শাসন। বহু কেলেংকাৰীৰ দাগ তেওঁৰ চৰকাৰৰ গাত লাগিলেও তৰুণ গগৈয়ে জানিছিল নিজকে নিকা কৰি ৰখাৰ কৌশল ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme