1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 1:39 am

প্ৰেমিক নে প্ৰৱঞ্চক! ৫২লাখ টকীয়া ঘড়ী, ১২লাখ টকীয়া ৪টা মেকুৰী আৰু BMW গাড়ী উপহাৰ হিচাপে লৈছিল জেকলিনে…

  • Update Time : Sunday, December 5, 2021

ডিজিটেল ডেস্কঃ প্ৰৱঞ্চকৰ পৰা দামী দামী উপহাৰ লৈ এতিয়া ইটোৰ পিছত সিটো বিপদত পৰিছে বলিউদ অভিনেত্ৰী জেকলিন আৰু নোৰা ফটেহী৷ দুয়োগৰাকী অভিনেত্ৰীক এই প্ৰসংগক লৈ ইতিমধ্যেই ই ডিয়ে সোধপোচ কৰিছে যদিও শেহতীয়াকৈ তদন্তকাৰী দলে দাখিল কৰা ছাৰ্জশ্বিটত নাম উল্লেখ আছে দুয়োগৰাকী অভিনেত্ৰীৰ৷ ছাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি বলিউদ অভিনেত্ৰী জেকলিনে উপহাৰ হিচাপে এগৰাকী প্ৰৱঞ্চকৰ পৰা উপহাৰ হিচাপে লৈছিল ৫২লাখ টকীয়া ঘড়ী আৰু ১২লাখ টকীয়া ৪টাকৈ মেকুৰীৰ লগতে বি এম ডব্লিউৰ এখন বাহন আৰু বিশাল পৰিমাণৰ ধন৷

উল্লেখ কৰা প্ৰয়োজন যে, সুকেশ চন্দ্ৰশেখৰ নামৰ এগৰাকী ব্যক্তিক ওপৰত ২০০কোটি টকীয়া এক প্ৰৱঞ্চনাৰ গোচৰৰ তদন্ত কৰি আছে ই ডিয়ে৷ এই তদন্ততে নাম সাঙুৰ খাইছে জেকলিন আৰু নোৰা ফটেহীৰ৷
জেকলিন আৰু সুকেশ চন্দ্ৰশেখৰ বহুদিন ধৰি এক সম্পৰ্কত আছিল বুলিও চৰ্চা হৈছে, এই বিষয়ক লৈ কেইবাখনো ফটোও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত৷ ই ডিয়ে দাখিল কৰা ছাৰ্জশ্বিটত নাম আছে ৮গৰাকী ব্যক্তিৰ নাম৷ ইফালে জেকলিনৰ বিদেশ যাত্ৰাতো বাধা আৰোপ কৰিছে ই ডিয়ে৷ এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে৷ দেওবাৰে জেকলিন মুম্বাইৰ পৰা ডুবাইলৈ যাব খুজিছিল যদিও ইডিয়ে বাধা প্ৰদান কৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme