ডিজিটেল ডেস্কঃ ”এগৰাকী গায়ক আৰু গায়কৰ ভাতৃৰ বাবেই মোৰ কন্যাই আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ল। তেওঁলোকৰ বিৰুদ্ধে আইনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে।” এই অভিযোগ আনিলে কিছুদিনৰ পূৰ্বে এখন হোটেলত আত্মহত্যা কৰা জনপ্ৰিয় ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মাতৃয়ে।
শেহতীয়াকৈ প্ৰয়াত আকাংক্ষা ডুবেৰ মাতৃয়ে ভোজপুৰী গায়ক সমৰ সিং আৰু তেওঁৰ ভাতৃ সঞ্জয় সিঙৰ বিৰুদ্ধে গোচৰ তৰিছে। বাৰাণসীৰ তদন্তকাৰী আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি, মাতৃয়ে তৰা গোচৰৰ ভিত্তিত তদন্ত অব্যাহত থাকিব। আৰক্ষীয়ে লগতে কয় যে, এই দুগৰাকী লোকৰ ওপৰত আৰক্ষীৰ চকু আগৰে পৰাই আছিল। কিয়নো এটা পাৰ্টিৰ পাছতে বাৰাণসীৰ এখন হোটলৰ কোঠাত উদ্ধাৰ হৈছিল আকাংক্ষাৰ মৃতদেহ।
২৫বছৰীয়া জনপ্ৰিয় ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু কিছু আগত ইষ্টাগ্ৰামত ৰীলো শ্বেয়াৰ কৰিছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে। কিন্তু কি কথাত সকলো থকাৰ পিছতো তেওঁ আত্মহত্যা কৰিলে তাক লৈ আৰক্ষীৰ সন্দেহ হৈ থকাৰ সময়তে মাতৃয়ে এই দুগৰাকী লোকৰ বিৰুদ্ধে তৰিলে হত্যাৰ গোচৰ।