ডিজিটেল ডেস্কঃ এ পি এছ চি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পাল মুকলি আকাশৰ তললৈ ওলাই আহিল। পালৰ ওপৰত থকা আটাইকেইটা গোচৰতে জামিন লাভ কৰি হাঁহি মুখে কান্ধত গামোচা পিন্ধি ওলাই আহিল ৰাকেশ পাল। ৬বছৰ ৪মাহ জেলত থকাৰ পাছত মুকলি আকাশৰ তললৈ ওলাই আহিয়ে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যক লৈ চৰ্চাত আছে ৰাকেশ পাল।
জেলৰ পৰা ওলাই অহাৰ পাছতে সাংবাদিকৰ আগত ৰাকেশ পালে কয়- জেলত থকা কেইদিন বৰ ভালদৰে পাৰ কৰিলো। সকলোৰে বাবে কাম কৰাৰ সুযোগ পালো আৰু সকলোৰে সৈতে মিলাপ্ৰীতিৰে থাকিলো। জেইল থকা সময়ত নামঘৰ নিৰ্মাণৰ লগতে বিভিন্ন উন্নয়নমূলক কাম কৰিব পাৰিলো। আনহাতে এ পি এছ চি কেলেংকাৰীৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ পালে কয়- গোচৰটো এতিয়া চলি আছে, মই এতিয়ালৈকে দোষী প্ৰমাণিত হোৱা নাই।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাকেশ পালৰ ক্ষেত্ৰত কেইবাটাও নীতি-নিৰ্দেশনা আদালতৰ। গুৱাহাটীৰ পৰা বাহিৰলৈ গ’লে অনুমতি ল’ব লাগিব বিশেষ আদালতৰ। বিশেষ আদালতত জমা ৰখা হৈছে ৰাকেশ পালৰ পাছপ’ৰ্ট। APSCৰ গোচৰত সম্পূৰ্ণ সহযোগ কৰিব লাগিব কেলেংকাৰিৰ খলনায়কজনে। APSCৰ গোচৰৰ ৰাজসাক্ষীক প্ৰদৰ্শন কৰিব নোৱাৰিব ভয়-ভীতি।