1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 9:31 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

দীপলিনাই গোৱা ‘পুতলা’ত মেইন এক্টৰঃ VIDEOৰ সমস্ত ধন দিছিল প্ৰৱঞ্চক দেৱাশীষে…

  • Update Time : Sunday, March 26, 2023

ডিজিটেল ডেস্কঃ মিছা কথা আৰু প্ৰৱঞ্চনাৰে কেইবাগৰাকীও যুৱতীৰ জীৱন ধ্বংস কৰা দেৱাশীষ সৰকাৰৰ ন ন তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।  কেনেকৈ যুৱতীক ঠগ-প্ৰৱঞ্চনা কৰি কি কি কাণ্ড কৰিছিল তাৰ বহু তথ্য এতিয়া লাভ কৰিছে বহুজনে। পত্নী আৰু সন্তান থকাৰ পাছতো অন্য এগৰাকী যুৱতীক বিয়া কৰাই গৰ্ভৱতী কৰি মাতৃৰ ঘৰত এৰি থৈ অহা দেৱাশীষ আছিল ৰিয়েল লাইফৰ লগতে ৰীল লাইফৰো এখন অভিনেতা।

বাস্তৱ জীৱনতো না না অভিনয় কৰা প্ৰৱঞ্চক দেৱাশীষ আছিল এগৰাকী অভিনেতা। জনপ্ৰিয় কন্ঠশিল্পী দীপলিনা ডেকাৰ পুতলা শীৰ্ষক গানটোৰ ভিডিঅত অভিনয় কৰিছিল এই দেৱশীষে। তাৰ পিছৰে পৰাই জনপ্ৰিয় হৈ পৰা দেৱাশীষে না না যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল।  এই একেটা গানতে অভিনয় কৰিছিল প্ৰিয়ম পল্লৱীয়েও।

শেহতীয়াকৈ এই তথ্য পোহৰলৈ অহাত এতিয়া সকলোৱে তবধ মানিছে। ইফালে শনিবাৰে এই অভিযোগ অনাৰ পাছতে এতিয়া যা তা কথাৰে এই সমগ্ৰ ঘটনাক আউল লগাব বিচাৰিছে দেৱাশীষে।  সংবাদ মাধ্যমৰ বাতৰিৰ পিছতেই দেওবাৰে কেমেৰাৰ সন্মুখত মুখ খুলিছে অভিযুক্ত দেৱাশিষ সৰকাৰে।

কেমেৰাৰ সন্মুখত বিসংগতিপূৰ্ণ মন্তব্য দেৱাশীষৰ। পত্নীয়ে অনা সকলো অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী দেবাশীষৰ ৷ দেৱাশীষৰ অভিযোগ-  পত্নীৰ আছিল বিবাহবৰ্হিভুত সম্পৰ্ক ৷ কিন্তু লক্ষ্যণীয় কথাটো হল,  কোনো সঠিক তথ্য ৰাজহুৱা কৰিব নোৱাৰিলে দেৱাশিষৰে ৷ কেৱল মাত্ৰ চালে বেৰে কোবোৱা কথাই পত্নী অভিযোগ নস্যাৎ কৰিবলৈ চেষ্টা দেৱাশীষে ৷ আনকি প্ৰথমা পত্নী, সন্তানক চিনি নোপোৱাৰ ভাও ধৰিলে দেৱাশীষে।

ইফালে এটা কথা উল্লেখ কৰিব লাগিব যে, দীপলিনা ডেকাৰ পুতলা শীৰ্ষক গানটোত অভিনয় কৰাৰ লগতে গানটোৰ ভিডিঅৰ প্ৰযোজনাও কৰিছিল দেৱাশীষে। গানটোত মুখ্য চৰিত্ৰত আছিল দেৱশীষ নিজে আৰু তেওৰ বিপৰীতে আছিল প্ৰিয়ম পল্লৱী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme