1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 3:40 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

এটা সাধাৰণ দেওবাৰক ঐতিহাসিক দেওবাৰ কৰি তুলিলে দুই অসম কন্যাই…

  • Update Time : Sunday, March 26, 2023

ডিজিটেল ডেস্কঃ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। ২৬মাৰ্চ, দেওবাৰৰ দিনটোত পুৱাৰে পৰা সকলোৰে মনত আছিল উতকন্ঠা। দুগৰাকীকৈ অসম কন্যাই আজি ফাইনেল খেলিলে আৰু ফাইনেলত জিকিলেও। আজিৰ দিনটো সচাকৈয়ে আছিল অসমৰ দিন। এটা সাধাৰণ দেওবাৰো দুগৰাকী অসম কন্যাৰ বাবে হৈ পৰিল ঐতিহাসিক দেওবাৰ।

দেওবাৰৰ দিনটোত প্ৰথমে আহিল লাভলীনাৰ খবৰ। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভলীনাৰ স্বৰ্ণ জয়।  ৭৫ কেজি শাখাত স্বৰ্ণ জয় লাভলীনা বৰগোহাঁইৰ। লাভলীনাৰ হাতত ফাইনেলত পৰাস্ত অষ্ট্রেলিয়াৰ প্রতিদ্বন্দ্বী। কেটলিন পাৰ্কাৰক হৰুৱাই স্বৰ্ণ জয় লাভলীনাৰ। অসমৰ প্রথমগৰাকী বক্সাৰ হিচাপে স্বৰ্ণ জয় লাভলীনাৰ। পূৰ্বতে লাভলীনাই দুবাৰকৈ জয় কৰিছিল ব্রঞ্জৰ পদক আৰু এইবাৰ লাভলীনা উপনীত হল  চূড়ান্ত লক্ষ্যত।

ইতিহাস ৰচি লাভলীনাৰ আনন্দবোৰ ভাগ-বতৰোৱা কৰি থাকোতেই আহিল ইটো ভাল খবৰ।  প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা মহিলা আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ জয়।  সুখৰ কথাটো হল এই দলটোতে আছিল অসম কন্যা জিন্টিমণি কলিতা। মঙলদৈৰ জিন্টিমণিয়ে এই খেলখনত যথেষ্ট কষ্ট কৰাৰ লগতে তেওঁৰ কষ্টক লৈ বহুবাৰ চৰ্চিতও হৈছে। জিন্টিমণিৰ বাবেও আজিৰ দিনটো আছিল এটা বিশেষ দিন। অসমবাসীৰ প্ৰাৰ্থনাৰ শেষত জিন্টিমণিয়েও পালে সফলতা।

এনেকৈয়ে দেওবাৰ দিনটো সকলোৰে বাবে হৈ পৰিল এটা ঐতিহাসিক দেওবাৰ। দেওবাৰৰ এই আনন্দ অসমবাসীয়ে হয়তো কাৰো সৈতে ভাগ নকৰিব, কিয়নো এই আনন্দ সুকীয়া…

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme