1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:01 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আজিৰ নহয়, সম্পৰ্ক বহুদিনীয়াঃ ৰাঘৱ-পৰিণিতি কেনেকুৱা ‘ৰিলেশ্যনশ্বীপ’ত আছে…

  • Update Time : Friday, March 24, 2023

ডিজিটেল ডেস্কঃ  অভিনেত্ৰী পৰিণিতি চোপ্ৰাৰ সৈতে আপৰ যুৱ সাংসদ ৰাঘৱ চদ্দাক প্ৰত্যক্ষ কৰাৰ পাছতে বহুতৰে মনত কৌতূহল জাগিছে যে এই দুয়োগৰাকীৰ মাজত কি সম্পৰ্ক আছে। ৰাষ্ট্ৰীয় তথা স্থানীয় সংবাদমাধ্যমেও এই খবৰটোক লৈ ব্যস্ত থকা দেখা গৈছে। এখন বিলাসী হোটেলৰ পৰা খাদ্য গ্ৰহণ কৰি ওলাই আহোতেই দুয়োকে একেলগে প্ৰত্যক্ষ কৰিছিল সংবাদমাধ্যমে।

আচলতে দুয়োৰে মাজত কি সম্পৰ্ক আছে! তাক লৈ এতিয়াও দুয়োগৰাকীয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও তেওঁলোকৰ অতি ঘনিষ্ঠ মহলে সদৰি  কৰিছে তেওঁলোকৰ মাজত থকা সম্পৰ্কৰ কথা।  কেৱল মুম্বাইতে নহয়, সংবাদমাধ্যমে নেদেখাৰ আগত পূৰ্বেও বহু ঠাইত এনেদৰে একেলগে খাদ্য গ্ৰহণ কৰিছে ৰাঘৱ আৰু পৰিণিতিয়ে।

ইয়াৰ পূৰ্বেও লণ্ডনত ৰাঘৱ-পৰিণিতিয়ে একেলগে খাদ্য গ্ৰহণ কৰাৰ লগতে কেইবাটাও অনু্ষ্ঠানলৈও একেলগে গৈছে। ঘনিষ্ঠ সূত্ৰই সদৰি কৰিছে এই কথা। তেওঁলোকে সদৰি কৰা অনুসৰি, দুয়োৰে মাজত কোনো প্ৰেমৰ সম্পৰ্ক এতিয়ালৈকে নাই। দুয়ো আজিৰ নহয়, বহুদিনৰে পৰাই অতি ভাল বন্ধু।  ৰাজনীতিলৈ অহাৰ পূৰ্বৰে পৰাই ৰাঘৱ চদ্দাই পৰিণিতিৰ সৈতে ভাল সম্পৰ্কত থকাৰ কথা সদৰি কৰিছে ঘনিষ্ঠ মহলে।

অভিনেত্ৰী পৰিণিতি চোপ্ৰাৰ সৈতে আপৰ যুৱ সাংসদ ৰাঘৱ চদ্দাৰ সম্পৰ্ক লৈ শেহতীয়াকৈ ইণ্ডিয়া টুডেও এক বাতৰি প্ৰকাশ কৰিছে। যি বাতৰিত তেওঁলোকৰ মাজত কেৱল বন্ধুত্বৰ সম্পৰ্ক আছে বুলি সদৰি কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme