ডিজিটেল ডেস্কঃ শুনিলেই গা-মন শাত পৰি যোৱা তৰালী শৰ্মাৰ গানবোৰৰ কথা আপোনাক ছাগে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জীয়া জীৱনৰ বাস্তৱ কথাবোৰ আৰু ভাল লগা কিছু কল্পনাৰ আৱেগবোৰৰ নিহিত হৈ থকা তৰালী শৰ্মাৰ গানবোৰ সদায়েই বেলেগতকৈ অলপ বেলেগ। গানৰ দৰে তৰালী শৰ্মাৰ লেখাও খুবেই হৃদয়স্পৰ্শী।
শেহতীয়াকৈ ছচিয়েল মিডিয়াত তেও জীৱনক লৈ লিখা কেবাটাও ছুটী লেখা ভাইৰেল হৈ পৰিছে। মঙলবাৰ (২১মাৰ্চ,২০২৩)তো তেও লিখিছে এটা বিশেষ লেখা। লেখাটো এনেধৰনৰ-
মানুহে কয়। কেতিয়াবা ভালকৈ কয় আৰু কেতিয়াবা বেয়াকৈ। আমাৰ জ্ঞাতে-অজ্ঞাতে বহুত মানুহে আমাক ভাল পায় আৰু বহুত মানুহে হয়তো বেয়াও পায়। কথাবোৰ তেনেকৈয়ে চলি থাকে। বহু সময়ত নেতিবাচক মন্তব্য কৰোঁতে বিষয়টোৰ প্রকৃত উৎপত্তিৰ কাৰণ অথবা কেতিয়াবা নিজেও যে তেনে পৰিস্থিতিত পৰিব পাৰোঁ আমি ভাবি নাচাও। ভাল কথাবোৰ শুনি জীপাল হওঁ, বেয়াকৈ কোৱা শুনিলে মানসিক অশান্তিত আমি নিজকে প্রশ্ন কৰোঁ—আমি জীয়াই আছোঁৱেই বা কিয়? কথাবোৰ তাতেই শেষ হৈ নাযায়। এই সকলো কথাৰ ঊর্ধ্বত গৈ আত্মবিশ্বাসেৰে চলি থাকিব পৰাজনহে প্রকৃত যুঁজাৰু। আপুনি নিজেই নিজৰ কথা কি ভাবে, সেইটো গুৰুত্বপূর্ণ। আত্মবিশ্বাস আৰু সৎ চিন্তাৰে আগবাঢ়ি আপুনি আপোনাক সন্মান কৰাটো প্রয়োজন। নেতিবাচক কথাই চুবলৈ নিদিয়াটো জৰুৰী।
নিজক নিজৰ পৰা নেহেৰোৱাকৈ আলফুলে ৰখাতোহে মূল কথা।
কুশলে থাকিবমৰমত থাকিব