1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 4:33 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

বাজেটৰ পৰা আপুনি-মই পাব লগা ১০টা লাভ…

  • Update Time : Thursday, March 16, 2023

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দাখিল কৰা হয় অসম চৰকাৰৰ ২০২৩-২৪বিত্তীয় বৰ্ষৰ সাধাৰন বাজেট। বিত্তীয়মন্ত্ৰী অজন্তা নেওগে তৃতীয়বাৰৰ বাবে দাখিল কৰে এই বাজেট। এইবাৰৰ বাজেটত বহুকেইটা গুৰুত্বপূৰ্ন ঘোষনা কৰা হৈছে। কিন্তু তাৰ পূৰ্বে  জনাব বিচাৰিছো যে, ২০২৩-২৪বিত্তীয় বৰ্ষৰ এই বাজেটখন হৈছে ৯৩৫কোটি টকাৰ ঘাটি বাজেট। সেয়া যি কি নহলেও, অসম চৰকাৰৰ এইবাৰৰ বাজেটখনৰ ১০টা বিশেষ গুৰুত্বপূৰ্ন ঘোষনা  এইবাৰ জনাব বিচাৰিছো-

প্ৰথমটো গুৰুত্বপূৰ্ন ঘোষনা হৈছে,

১. এইবাৰৰ বাজেটত অৰনোদয় আচঁনিৰ ধন ১২৫০টকাৰ পৰা ১৪০০টকালৈ বৃদ্ধি কৰা হৈছে। আৰু ইয়াৰ বাবে বাজেটত ৩৪২০ কোটি টকা আৱন্টন কৰা হৈছে।

২. দ্বিতীয়টো ডাঙৰ ঘোষনা হৈছে ২০২৩ৰ ১০ৰ পৰা ২০মেৰ ভিতৰত ৪০হাজাৰ নিযুক্তি প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ন কৰা হব। এই কথাও আজি সদনত ঘোষনা কৰে বিত্তীয় মন্ত্ৰীগৰাকীয়ে।

৩. ৰেচন কাৰ্ড থকা সকলো হিতাধিকাৰীয়েই বিনামূলীয়া চিকিতসা লাভ কৰিব। ৫লাখ টকালৈকে এই সেৱা লাভ কৰিব হিতাধিকাৰীয়ে।

৪. আন এটা ডাঙৰ ঘোষনা হৈছে- এইবৰ্ষৰ পৰা হায়াৰ চেকেন্ডাৰী পৰীক্ষাতেপ্ৰথম বিভাগত উৰ্ত্তীন হোৱা সকলো ছাত্ৰ-ছাত্ৰীকে প্ৰদান কৰা হব স্কূটী। পূৰ্বে কেৱল ছাত্ৰীকহে প্ৰদান হৈছিল স্কুটী। কিন্তু এই আমূল পৰিৱৰ্তন আনি শিক্ষা বিভাগে ছাত্ৰকো প্ৰদান কৰিব স্কূটী। আনহাতে মেট্ৰিকত প্ৰথম বিভাগ পোৱা সকলোকে প্ৰদান কৰা হব লেপটপ।

৫. ৰাজ্যৰ প্ৰতিটো আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউন্টত জমা হব ১হাজাৰকৈ টকা। সকলো মহিলাক নিজৰ একাউন্ট এক্টিভ কৰি ৰখাৰ আহ্বান জনালে বিত্তমন্ত্ৰীয়ে। এয়াও এইবাৰৰ বাজেটৰ অন্যতম এটা ডাঙৰ সিদ্ধান্ত।

৬. মেডিকেল ছাত্ৰীসকলক বাদ দি অন্য সকলো বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে বছৰি লাভ কৰিব ১০হাজাৰকৈ টকা। যাতায়তৰ খৰচ হিচাপে এই পুজি লাভ কৰিব বুলি আজি বাজেট ভাষণত ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।

৭. উদ্যোগ বা ব্যৱসায় নিয়াৰিকৈ কৰি থকা যুৱক-যুৱতীক ২লাখ টকাকৈ এককালীন পুজি দিব অসম চৰকাৰে। বাজেটত ঘোষণা কৰা অনুসৰি, ১লাখ যুৱক-যুৱতীক প্ৰদান কৰা হব এই ধন।

৮. বিধৱা মহিলাসকলে মাহেকত লাভ কৰিব ১৪০০কৈ টকা। ইয়াৰ বাদেও অতিৰিক্তকৈ ৯৫০টকা লাভ কৰিব বিধৱা মহিলাসকলে। বাজেটত এই ধন ধাৰ্য কৰিছে অসম চৰকাৰে।

৯. এতিয়াৰে পৰা জৰুৰীসময়ত ১১২ ডায়েল কৰিলেই মিনিটতে আপোনাৰ কাষত থাকিব আৰক্ষী। ইয়াৰ প্ৰযুক্তিগত উন্নয়নৰ বাবে বাজেটত ২৫কোটি টকা আৱন্টন কৰা হৈছে। অসম আৰক্ষীয়ে নতুন ৰূপ দিব এই যোগাযোগ ব্যৱস্থাক।

১০. শেষৰটো ডাঙৰ ঘোষণা হৈছে, এতিয়াৰে পৰা বাচনি কৰা হ’ব স্বচ্ছ জিলা আৰু স্বচ্ছ জিলা হিচাপে নিৰ্বাচিত হোৱা জিলাখনৰ প্ৰদান কৰা হ’ব ১০০কোটি টকাৰ পুৰষ্কাৰ

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme