ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ মৃত্যুক এতিয়াও বহু আপোনজনে মানি লব পৰা নাই। হাহি-স্ফূতিৰে হোলী খেলি ঘৰলৈ যোৱা মানুহজনৰ হৰ্ঠাতে হোৱা মৃত্যুক লৈ এতিয়াও শোকস্তদ্ধ বলিউদ। এনে বেয়া সময়ৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক ঘটনা।
নিজৰ জীৱন আৰু পৰিয়ালটোক অতিকৈ ভাল পাইছিল সতীশ কৌশিকে। নিজৰ জীৱনটো হাঁহি-স্ফূৰ্তিৰ মাজত কটাব বিচৰা কৌশিকে শেষৰ সময়তো কৈছিল যে, মোৰ মৰিবলৈ মন নাই, মোক বচোৱা। এই কথা শেহতীয়াকৈ সদৰি কৰিছে সতীশ কৌশিকৰ মেনেজাৰে।
সতীশ কৌশিকৰ মেনেজাৰ সন্তোষ ৰায়ে প্ৰকাশ কৰিছে যে গাড়ীত উঠি চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত অভিনেতাগৰাকীয়ে শেষ কথা কৈছিল, “সন্তোষ, অনুগ্ৰহ কৰি মোক বচাওক, মই মৰিব নিবিচাৰো। মই মোৰ কন্যা বংশিকাৰ বাবে জীয়াই থাকিব বিচাৰো।”
মেনেজাৰ ৰায়ে সদৰি কৰা অনুসৰি, কৌশিকে আৰু কৈছিল, “মই ভাবো মই বাচি নাথাকো। প্লিজ শশী আৰু বংশিকা।” মোক মাফ কৰা …