ডিজিটেল ডেস্কঃ শেহতীয়াকৈ চৰ্চালৈ আহিছে দক্ষিণৰ এগৰাকী মহিলা নিউট্ৰিচনিষ্ট। আপোনালোকে হয়টো আগতে কোনো অভিনেতা অভিনেত্ৰীৰ সৌন্দৰ্যৰ চৰ্চাৰ বিষয়ে শুনিবলৈ পাইছিল কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত কথাহে আপোনালোকে শুনিবলৈ পাব।
এইবাৰ কোনো অভিনেতা অভিনেত্ৰী নহয় এইবাৰ দক্ষিণৰ এগৰাকী মহিলা নিউট্ৰিচনিষ্টৰ ৰূপ সৌন্দৰ্যই দৃষ্টি কাঢ়িছে সকলোৰে। এইবাৰ চৰ্চালৈ আহিছে দক্ষিণৰ বিখ্যাত অভিনেতা বাহুবলী কাতাপ্পা খ্যাত সত্যৰাজৰ জীয়াৰী দিব্যা সত্যৰাজ।
কোনোধৰণৰ অভিনয় জগতৰ লগত জড়িত নহয় দিব্যা। পেচাত এগৰাকী নিউট্ৰিচনিষ্টৰ লগতে স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ ক্ষেত্ৰখনত কাম কৰাৰ বাবে তেওঁক বহুতো সন্মানেৰে সন্মানিত কৰা হৈছিল।
ইয়াৰ লগতে দিব্যাই এটা NGO খুলি দুখীয়া লোক আৰু শিশুৰ বাবেও কাম কৰি আছে। যদিও অভিনয় জগতৰ পৰা দূৰত দিব্ব্যাৰ সৌন্দৰ্য কোনো অভিনেত্ৰী বা মডেলতকৈ কোনোগুণে কম নহয়।
কাতাপ্পাৰ জীয়াৰীৰ সৌন্দৰ্য্যই এতিয়া দেশ বিদেশ সকলোতে ব্যাপক চৰ্চা লাভ কৰিছে।