ডিজিটেল ডেস্কঃ কেৱল মেঘালয়েই নহয়। নাগালেণ্ড আৰু ত্ৰিপুৰাৰ শপতগ্ৰহণ অনুষ্ঠানটো উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই কথা শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ত আৰু ৮ মাৰ্চত ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব ।
উল্লেখ কৰা প্ৰয়োজন যে, ২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰিছিল – উত্তৰ-পূবৰ তিনি ৰাজ্যত বিজেপিৰ সুন্দৰ ফলাফল প্ৰদৰ্শনে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থাকে পুনৰবাবৰ প্ৰতীয়মান কৰিছে ।
ইফালে তিনি ৰাজ্য়ৰ ভিতৰত দুখন ৰাজ্যত মিত্ৰজোটঁৰ চৰকাৰ গঠন হলেও বিজেপিয়ে এই তিনিও ৰাজ্যক নিৰ্বাচনক অন্যতম সফলতা হিচাপে গ্ৰহণ কৰিছে।