ডিজিটেল ডেস্কঃ পুনৰ মেঘালয়ৰ জনতাই ভৰষাত ললে এন পি পি তথা বিজেপি মিত্ৰজোটক। মেঘালয়ত পুনৰ এবাৰ শাসনৰ বাঘজৰী দিলে এন পি পিৰ নেতা কনৰাড চাংমাক। এতিয়ালৈকে হোৱা ভোটগণনাত এইটো স্পষ্ট হৈছে যে, মেঘালয়ত পুনৰ এবাৰ বিজেপিৰ মিত্ৰজোটৰ চৰকাৰ হব আৰু আকৌ এবাৰ মুখ্যমন্ত্ৰী হব কনৰাড চাংমা।
মেঘালয়ৰ ৫৯খন আসনৰ ভিতৰত এতিয়ালৈকে এন পি পি দলে ২৪খন আৰু বিজেপি দলে ৩খন আসনত আগবাঢ়ি আছে। ইফালে ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিয়ে ১০খন আসনত অগ্ৰগতি লাভ কৰি আছে। মুঠৰ ওপৰত মেঘালয়ত বিজেপি মিত্ৰজোটৰ জয় জয় ময় ময় অৱস্থা।
ইফালে ৰাজ্যখনত অধিক প্ৰচাৰ কৰা তৃণমূল কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে ৫খন আসনত। কংগ্ৰেছ দল ৪খন আসনত আগবাঢ়ি আছে।
(দিনৰ ১বজালৈকে আপডেট)