1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 5:32 pm
Trending:
কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায় কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে AI ৰবটে?

আপোনাৰো গাড়ী আছে যদি অচিৰেই কৰক এই কাম…৩১ ডিচেম্বৰ ডেডলাইন

  • Update Time : Saturday, December 4, 2021

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ পৰিবহন বিভাগে যান-বাহনৰ গৰাকীসকলৰ সুবিধাৰ্থে ৰাজহ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছে। ৩১ ডিচেম্বৰলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছে। ৰাজহ আদায় সন্দৰ্ভত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জনাই যে, এইবাৰ শেষবাৰৰ বাবে ৰাজহ আদায় দিয়াৰ সময় বৃদ্ধি কৰা হৈছে। সকলো যান-বাহনৰ গৰাকীকে ৩১ ডিচেম্বৰৰ ভিতৰত এই ৰাজহ আদায় দিয়াৰ লগতে গাড়ীৰ নথিসমূহ নবীকৰণ কৰাবলৈও আহ্বান জনাইছে পৰিবহন বিষয়াগৰাকীয়ে।

নথিৰ ক্ষেত্ৰত, ড্ৰাইভিং লাইচেঞ্চ, ইঞ্চুৰেন্স বা বীমা, প্ৰদুষণৰ নথি, ৰেজিষ্ট্ৰেচন আদি নবীকৰণৰো আহ্বান জনাইছে মহানগৰ জিলা পৰিবহন বিষয়াগৰাকীয়ে। ইফালে ১ জানুৱাৰীৰ পৰা এই নথি পৰীক্ষাৰ বাবে পৰিবহন আৰক্ষীয়ে অভিযান চলাব বুলিও জনাইছে বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ে যান-বাহনৰ গৰাকীসকলক কৰ আদায় দিয়াৰ বাবে সময়সীমা সাতবাৰকৈ বৃদ্ধি কৰিছে। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সময়সীমা বৃদ্ধি কৰিছে পৰিবহন মন্ত্ৰণালয়ে। কিন্তু আৰু সময়সীমা বৃদ্ধি কৰা নহ’ব বুলিও জনাইছে পৰিবহন বিষয়াগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme