1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:31 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

  • Update Time : Saturday, December 4, 2021

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেবিনেট বৈঠকত, দুখনকৈ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণৰ বাবে অনোমোদন জনোৱাৰ লগতে সমবায় ক্ষেত্ৰত প্ৰতিযোগিতামূলক তথা বৃত্তিগত প্ৰচাৰৰ লক্ষ্যৰে অসম সমবায় সমিতি আইন ২০০৭ ৰ ধাৰা ৬(৩) সংশোধনী মৰ্মে একেটা ক্ষেত্ৰত একে উদ্দেশ্যৰে গঠিত সমবায় সমিতিৰ পঞ্জীয়নত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্তও লোৱা হৈছে। চৰাইদেউ আৰু বিশ্বনাথ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণৰ বাবে ক্ৰমে চৰাইদেউলৈ ৫৫৭ কোটি আৰু বিশ্বনাথৰ বাবে ৫৬৮.৪২ কোটি টকাৰ পুজিৰ অনুমোদন আগবঢ়োৱা হৈছে।

পৌৰসভাৰ নিৰ্বাচনক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কেবিনেটে। এইবাৰৰ পৰা পৌৰসভাৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰা হ’ব। অসম পৌৰ পৰিষদ আয়ুক্ত নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব ইভিএম।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ। ৰাজহুৱা খণ্ডৰ উন্নত বেলেঞ্চ শ্বীট আৰু ক্ৰেডিট ইনফ্ল’ৰ বাবে ২০২১ৰ ৩১ মাৰ্চলৈকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৯৩০ কোটিৰ ঋণ আৰু অসম চৰকাৰৰ ৩,৩৫৯ কোটিৰ অনুদান ইকুইটীলৈ ৰূপান্তৰত অনুমোদন। ইয়াৰোপৰি বিদ্যুৎ উপভোক্তাই সকাহো পাব বুলি আশাপ্ৰকাশ কৰিছে।

২০২১-২২ ৰ বিত্তীয় বৰ্ষৰ বাবে জীৱন ধাৰা, কম বেতনৰ ঘৰুৱা, এল টি বাণিজ্যিক আৰু ঔদ্যোগিক উপভোক্তাসকলক শুল্ক ৰেহাই পৰিশোধৰ বাবে ৪৮০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। এই পদক্ষেপে বৰ্তমানৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰা ১২ লাখৰো অধিক পৰিয়ালক লাভান্বিত কৰিব লগতে ৪৫ লাখৰো অধিক কম বেতনৰ ঘৰুৱা গ্ৰাহকক সকাহ প্ৰদান কৰিব বুলি আশাপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme