1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 3:15 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

নাম বন্দনা, কাম পিশাচৰঃ স্বামী আৰু শাহুৰৰ হাত, ভৰি কাটি ফ্ৰীজত থৈ বাকী অংশ পেলাই দিছিল ডাউকীত…

  • Update Time : Monday, February 20, 2023
ডিজিটেল ডেস্কঃ আমি কোনফালে গতি কৰিছো, সেয়া নিজক প্ৰশ্ন কৰি চোৱাৰ সময় এতিয়া সমাগত। ভোগবাদৰ তাড়নাই আমাক লাহে লাহে মানুুহৰ শাৰীৰ পৰা তললৈ নমাই নিছে নেকি, এই প্ৰশ্নও আজিৰ সমাজে বিশ্লেষন কৰাৰ প্ৰয়োজন আছে। ধন-সম্পত্তিৰ সন্মুখত আত্মীয়তা, আৱেগৰ কোনো মূল্য নাই নেকি! গুৱাহাটীত শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনাই সচেতন সমাজক এইবোৰ কথা ভৱাই তুলিবলৈ বাধ্য কৰাইছে।
২০২২ চনৰ আগষ্ট মাহত, আজিৰ পৰা প্ৰায় সাতমাহ আগতেই গুৱাহাটীৰ নাৰেংগীত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। হত্যাকাৰী বোৱাৰী হৈছে বন্দনা কলিতা ওৰফে বন্দনা দে। দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ, নিকি যাদৱৰ অনুৰূপ হত্যাকাণ্ড এইখন অসমতেই। ভিন্নতা এটাই, ইয়াত এগৰাকী মহিলা অভিযুক্ত; লগত দুই পুৰুষ সংগী -অৰূপ ডেকা আৰু ধনজিৎ ডেকা ৷
পৰকীয়া প্ৰেম, সম্পত্তিৰ লালসাত স্বামী-শাহুক প্ৰেমিকৰ সৈতে লগ লাগি হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ৩দিন ভৰাই থ’লে ফ্ৰীজত। মেঘালয়ত কটা মৃতদেহ পেলাই থৈ আহিলে। কিদৰে ইমান জঘন্য, নৃশংস কাণ্ড কৰিও সাত মাহে এগৰাকী মহিলা বিভিন্ন অনুষ্ঠানতেই হওক, কিম্বা ছ’চিয়েল মিডিয়াতেই হওক, ইমান সক্ৰিয় হৈ থাকিব পাৰে! স্বামী-শাহুৱেকক হত্যা কৰি থানাত এজাহাৰো দিছিল নিৰুদ্দেশৰ।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্তত কিছু সন্দেহৰ অৱকাশ লাভ কৰে আৰু শাহুৰ বিভিন্ন তথ্য তন্ন-তন্নকৈ পৰীক্ষা কৰে। পৰীক্ষাত পোহৰলৈ আছে যে, শাহুৰৰ এ টি এমৰ পৰা বোৱাৰী বন্দনাই উলিয়াই আছে ধন। ইয়াৰ পিছতে আৰক্ষীয়ে বোৱাৰী বন্দনাক সোধ-পোছ কৰিবলৈ আটক কৰে আৰু আৰক্ষীৰ জেৰাত পোহৰলৈ আছে এই ভয়ংকৰ হত্যাকাণ্ডৰ তথ্য।
ইতিমধ্যে মেঘালয়ৰ ডাউকীত শাহুৰৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও শৰীৰৰ হাত আৰু ভৰিৰ কোনো সন্ধান লাভ কৰা নাই। ইফালে স্বামীৰ মৃতদেহৰ কোনো সন্ধানেই লাভ কৰা নাই আৰক্ষীয়ে। বৰ্তমানেও এই তদন্ত অব্যাহত আছে, পৰৱৰ্তী সময়ত আৰু হয়তো ইয়াতকৈও অধিক ভয়ংকৰ তথ্য পোহৰলৈ আহিব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme