1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:14 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

যুৱতীসকল ধুনীয়া হৈ থাকিবলৈ তিয়হ, নেমুৱেই যথেষ্ট…

  • Update Time : Sunday, February 12, 2023

ডিজিটেল ডেস্কঃ নিজৰ ছালখন সতেজ কৰি ধুনীয়া হৈ থাকিব কোনেনো নিবিচাৰে।  কিন্তু ধুনীয়া হৈ থাকিবলৈ আপুনি বিউটি পাৰ্লাৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি ঘৰতে থাকি কিছুমান ঘৰুৱা উপকৰণেৰে আপোনাৰ ছালখন ধুনীয়া আৰু সতেজ কৰি ৰাখিব পাৰে।

সতেজ আৰু তৰুণ ছাল পাবলৈ নিয়মীয়াকৈ এক্সফলিয়েটিংৰ প্ৰয়োজন। দৈ আৰু তিয়ঁহৰ সংমিশ্ৰণে আপোনাৰ ছাল এক্সফলিয়েট কৰাৰ লগতে মৃত ছালৰ কোষ আঁতৰ কৰিবলৈ ভালদৰে কাম কৰে। দৈত লেক্টিক এচিড থাকে যিয়ে ছাল পৰিষ্কাৰ কৰে আৰু তিয়ঁহে ছালক শান্ত কৰি ৰখাত সহায় কৰে। আধা কাপ দৈ লওক আৰু ইয়াক ২ চাহ চামুচ কটা তিয়ঁহৰ সৈতে মিহলি কৰক। ভালদৰে মিহলি কৰি আপোনাৰ ছালত ২০ মিনিটৰ বাবে প্ৰলেপ দিয়ক। মুখখন কুহুমীয়া পানীৰে ধুব।

আপোনাৰ ছালখনৰ বাবে গোলাপ জলো অতিকৈ উপকাৰী।  এটা বাটিত ২ চাহ চামুচ গোলাপ জল, কেইটোপালমান গ্লিচাৰিণ আৰু ১/২ চাহ চামুচ নেমুৰ ৰস যোগ দিয়ক। সকলোবোৰ ভালদৰে মিহলি কৰক আৰু কঁপাহৰ বল ব্যৱহাৰ কৰি মুখ আৰু ডিঙিত এই পেষ্টটো প্ৰয়োগ কৰক। প্ৰতি নিশা শুবলৈ যোৱাৰ আগতে মাত্ৰ গোলাপ জল ব্যৱহাৰ কৰিলে আশ্বৰ্যজনক প্ৰভাৱ পৰিব পাৰে।

নেমু ভিটামিন চি সমৃদ্ধ, যি হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট। এই এণ্টিঅক্সিডেণ্টবোৰ আপোনাৰ ছালৰ বাবে বহুত উপকাৰী। এইবোৰে আপোনাৰ ছালত এণ্টি-এজিং সামগ্ৰী হিচাপে কাম কৰে, দাগ, ফিন লাইন, আৰু ফ্ৰেকলৰ দৰে সকলো বয়সৰ লক্ষণ আঁতৰ কৰে। নেমুৰ ৰস চেপি ইয়াক আপোনাৰ মুখ আৰু ডিঙিত প্ৰয়োগ কৰক। ইয়াক আপোনাৰ মুখত ১৫ মিনিটৰ বাবে ৰাখক আৰু তাৰ পিছত সাধাৰণ পানীৰে ধুই দিয়ক।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme