ডিজিটেল ডেস্কঃ তেওঁক যেতিয়া টিভিৰ পৰ্দাত মানুহে দেখিছিল সাইলাখ ভগৱান বুলিয়ে মানুহে ভাৱিছিল। বহুতে তেওঁক দেখি টিভিৰ ফালে মূৰ কৰি লৈ সেৱাও কৰিছিল। তেৱেই হৈছে শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা নীতিশ ভৰদ্বাজ। প্ৰাক্তন সাংসদগৰাকীক কিছুদিনৰ আগেয়ে সংসদ ভৱনত লগ পাই নষ্টালজিক হৈ পৰিল সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা। সাংসদ গৰাকীৰ সৈতে এখন ফটো তুলি ছচিয়েল মিডিয়াত আপলোড কৰি মাৰ্ঘেৰিটাই লিখিলে এনেদৰে-
কৃষ্ণ।
ভূতপূৰ্ব সাংসদ শ্ৰীযুত নীতিশ ভৰদ্বাজৰ সৈতে সংসদৰ চেন্ট্ৰেল হলত। বহু কথাৰ মাজত তেওঁক ক’লোঁ,” আপোনালোকৰ মহাভাৰত চাবলৈ মই প্ৰায়ে আনৰ ঘৰলৈহে যাবলগীয়া হৈছিল।আজি কৃষ্ণজনক মুখামুখিকৈ পাই বৰ আনন্দিত হৈছোঁ।
উল্লেখ কৰা প্ৰয়োজন যে, লোকসভাৰ সাংসদৰ দৰে গধুৰ দায়িত্ব পালন কৰাৰ বাবে অভিনয় জগতৰ পৰা বিৰতি লৈছিল অভিনেতাগৰাকীয়ে। জামচেদপুৰ সমষ্টিৰ পৰা তেওঁৰ লোকসভাৰ বাবে নিৰ্বাচিত হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ হৈ তেওঁ প্ৰতিন্দন্দ্বিতা কৰিছিল।