1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 6:59 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

সমালোচনা কৰিবলৈ সহজ, হিমন্ত বিশ্ব শৰ্মা হ’বলৈহে টান…

  • Update Time : Wednesday, February 1, 2023

ডিজিটেল ডেস্কঃ  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভ জন্মদিন। আজি ৫৪ বছৰ বয়সত ভৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিশা ১২ বজাৰ লগে লগে তেওঁৰ জন্মদিন পালন৷ দিছপুৰৰ মন্ত্ৰী আৱাসত ভিৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীয়ে৷  সহস্ৰাধিক অনুৰাগীয়ে কেক্ কাটি দীৰ্ঘায়ু কামনা কৰিলে মন্ত্ৰীজনৰ৷ উল্লেখযোগ্য যে,১৯৬৯ চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল হিমন্ত বিশ্ব শৰ্মা।

১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল।

তেওঁ কটনৰ পৰা  ১৯৯০ চনত ৰাজনীতি বিজ্ঞানত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে।হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল।তেওঁ ৰিণিকি ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু নন্দীল আৰু সুকন্যা তেওঁলোকৰ সন্তান।

তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা ২০০১ চনৰ পৰা ২০১৫ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নিৰ্বাচিত হয়। ২০১৫ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

 

বিজেপি মিত্ৰজোঁট-এ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত নতুন চৰকাৰ গঠনৰ আলোচনাৰ বাবে ২০২১ চনৰ ৮ মে’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে শৰ্মাক নতুন দিল্লীলৈ মাতি অনা হৈছিল। সেই সময়ৰ বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ৪ ঘণ্টাৰো অধিক সময় ধৰি ধাৰাবাহিক বৈঠকত শৰ্মা আৰু সোণোৱাল মিলিত হয় ।

৯ মে’ত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত লোৱাৰ বাবে আয়োজিত এখন বৈঠকৰ পূৰ্বে সোণোৱালে ৰাজ্যপাল জগদীশ মুখীক পদত্যাগ পত্ৰ প্ৰদান কৰে । হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল বিদায়ী সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু নৱনিৰ্বাচিত বিধায়িকা নন্দিতা গাৰ্লোছাই। যিহেতু মুখ্যমন্ত্ৰী পদৰ বাবে আন কাৰো নাম প্ৰস্তাৱ কৰা হোৱা নাছিল, সেয়েহে সৰ্বসন্মতিক্ৰমে শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ২০২১ চনৰ ১০ মে’ত সোণোৱালৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে অসমৰ ১৫তম মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক শপত গ্ৰহণ কৰোৱায়।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme