1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 10:54 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

ডিম্পুৰ বাবে আইন নাইঃ সৰস্বতী পূজাত হেলমেট নিপিন্ধাকৈয়ে সুন্দৰী যুৱতী ঘূৰিল ডিম্পুৰ বাইকত…

  • Update Time : Monday, January 30, 2023

কাৰেন্ট টেণ্ড আসামৰ বিশেষ প্ৰতিবেদন

সৰস্বতী পূজা দিনাৰ কথা। ডিম্পুয়ে বাইকখন লৈ নলবাৰীৰ পৰা গুৱাহাটীলৈ আহিছে। তেওঁৰ লক্ষ্য হৈছে গুৱাহাটীৰ কেইখনমান শিক্ষানুষ্ঠানলৈ যাব আৰু ভিডিঅ’ প্ৰস্তুত কৰিব। সেই সূত্ৰে ডিম্পুয়ে গুৱাহাটীৰে এগৰাকী যুৱতীৰ সৈতে সকলো শিক্ষানুষ্ঠান ঘূৰাৰ সিদ্ধান্ত ল’লে। আৰু তাৰ পিছৰখিনি ক’ত, কি কি হ’ল, সেয়া ছাগে আপুনিও ডিম্পুৰ সৰস্বতী পূজা বিশেষ ভিডিঅটোত চাইছে। কাৰন অসমত ডিম্পুৰ ভিডিঅ প্ৰায় সকলো লোকেই চায়।

সকলো ঠিকে আছিল। স্বভাৱসূলভ কথা আৰু ব্যৱহাৰৰ বাবে ডিম্পুক সকলোৱে ভাল পায়। য’লৈকে গৈছে তাতেই সকলোৱে ছেলফি লৈছে ডিম্পুৰ সৈতে। কেতিয়াবা লগত আৰু কেতিয়াবা ভিৰৰ মাজত হেৰাই গৈছে সেই ডিম্পুৰ লগত যোৱা সেই যুৱতীগৰাকী। এনেকৈয়ে সৰস্বতী পূজাৰ সেই বিশেষ দিনটো পাৰ কৰিলে ডিম্পুয়ে।

শেহতীয়াকৈ ডিম্পুৰ সেই ভিডিঅটো ইউটিউবত আহিল আৰু তাৰ পাছতে লক্ষ্য কৰা হল এটা বিশেষ কথা। কথাটো হৈছে,  সৰস্বতী পূজাৰ দিনটোত গোটেই গুৱাহাটীখনৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। দুটা হেলমেট পৰিধান নকৰা সকলোকে আৰক্ষীয়ে ৰখাই লৈ ফাইন ভৰোৱাইছিল। টিভিতো তেনে বহু ঘটনা লাইভ হৈছিল। কিন্তু উক্ত দিনটোত সমগ্ৰ গুৱাহাটীখনত ডিম্পুয়ে পিছফালে উঠাই লৈ ফুৰা যুৱতীগৰাকীক পৰিধান কৰোৱা নাছিল হেলমেট। সন্দিকৈৰ পৰা কৰ্মাছৰ লৈকে এনেকৈয়ে আইন ভংগ কৰি ডিম্পু বুকু ফিন্দাই ঘূৰি ফুৰিছিল।

এতিয়া কথা হ’ল, উক্ত দিনটোত গুৱাহাটী আৰক্ষীৰ চকুত কিয় নপৰিল ডিম্পু। যদিহে পৰিছিল, ডিম্পুয়ে উক্ত দিনটোত ফাইন ভৰিছিল নেকি। যদিহে ফাইন ভৰিছিল, ডিম্পুৰ ভিডিঅ চোৱা লাখ লাখ দৰ্শকক ডিম্পুয়ে কিয় সজাগ কৰি নিদিলে যে এনেদৰে বাইকত ঘূৰাটো আইন ভংগ কৰা এটা কাম। কথাটো বহুতে লক্ষ্য নকৰিলেও বহুতে কিন্তু এই কথাটো লক্ষ্য কৰিছে। জনপ্ৰিয় ইউটিউবাৰ হোৱাৰ বাবেই আইন ভংগ কৰাৰ দেখিও একো নকলে নেকি মহানগৰ আৰক্ষীয়ে!

মিলিয়ন মিলিয়ন অনুৰাগী থকা ডিম্পুয়ে কিছুমান কথাত সাৱধান আৰু সজাগ হোৱা উচিত বুলি একাংশই কৈছে। কিয়নো ডিম্পুৰ ভিডিঅ বহু লোকে চায় আৰু সেই ভিডিঅবোৰত যাতে আইন ভংগকাৰী কিছু বাৰ্তা যায়, সেয়া কোনেও আশা নকৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme