ডিজিটেল ডেস্কঃ হঠাতে ভাইৰেল হৈ পৰা সকলো খবৰ যে সচাঁ নহয়, সেয়া পুনৰ প্ৰমাণ হল। শেহতীয়াকৈ অতিকৈ চৰ্চাত থকা কে এল ৰাহুল আৰু সুনীল চেট্টীৰ কন্যাৰ বিবাহখনেই ইয়াৰ জলন্ত প্ৰমাণ। খবৰ ওলাইছিল যে, এই বিয়াখনত সতীৰ্থ কে এল ৰাহুলক ধোনীয়ে ১কোটি ৮০লাখ টকীয়া বাইক আৰু বিৰাট কোহলীয়ে ২কোটিৰ বি এম ডব্লিউ বাহন উপহাৰ দিছিল। কিন্তু শেহতীয়াকৈ সুনীল চেট্টীৰ পৰিয়ালে এই খবৰক ভুৱা খবৰ আখ্যা দিছে।
তেওঁলোকে স্পষ্ট কৰি দিছে, বিৰাট আৰু ধোনীয়ে তেনে কোনো দামী উপহাৰ দিয়া নাই। অৱশ্যে সুনীল চেট্টীয়ে ৫০কোটি টকীয়া এটা ঘৰ উপহাৰ দিয়াটো সত্য। উল্লেখ কৰা প্ৰয়োজন যে, কে এল ৰাহুলৰ বিয়াত অতি কম সংখ্যক অতিথিৰ উপস্থিতিত সম্পন্ন হৈছিল। সুনীল চেট্টীৰ এটা ফাৰ্ম হাউচত সম্পন্ন হৈছিল এই বিবাহখন।