1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:38 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

ডিজিটেল ডেস্কঃ  প্ৰায় কুৰি বছৰ পিছত ইছলামিক দেশ হ’ব ভাৰত৷ ইতিমধ্যে নিষিদ্ধ ঘোষিত কট্টৰ ইছলামিক সংগঠন PFI-এ এই লক্ষ্য নিৰ্ধাৰণ কৰি কাম কৰি গৈছে৷ ইছলামিক দেশ গঠনৰ লক্ষ্য পূৰণৰ বাবে ‘হত্যাকাৰী সেৱা দলো’ গঠন কৰিছে PFI-এ৷ PFI-এ ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন ইছলামিক দেশ হিচাপে গঢ়ি তুলিবলৈ লক্ষ্য স্থিৰ কৰিছে৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা NIA-এ এখন আদালতত দাখিল কৰা অভিযোগপত্ৰত বিস্ফোৰক তথ্য দাখিল কৰিছে। পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াই চমুকৈ পিএফআয়ে ভাৰতক এখন ইছলামিক দেশ হিচাপে গঢ়ি তুলিব বিচাৰে। সেই উদ্দেশ্য এটা ‘হত্যাকাৰী সেৱা দল’ গঠন কৰিছে। পিএফআইয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন মুছলমান দেশ হিচাপে গঢ়িব বিচাৰে।

কেন্দ্ৰীয় সংস্থা NIA-এ বাংগালুৰুৰ এখন বিশেষ আদালতত PFIৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। ২০২২ চনৰ ২৬ জুলাইত দক্ষিণ কৰ্ণাটকৰ চুলিয়া জিলাত প্ৰবীণ নেত্ৰু নামৰ এজন বিজেপি কৰ্মীক হত্যা কৰা হৈছিল। NIA-এ দাবী কৰিছে যে বিজেপি কৰ্মীৰ হত্যাৰ সৈতে পিএফআইৰ পোনপটীয়া সম্পৰ্ক আছে। পিএফআইৰ কৰ্মীসকলক আক্ৰমণ আৰু হত্যাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। কট্টৰপন্থী সংগঠনটোৰ শীৰ্ষ নেতৃত্বই এনে কামৰ নেতৃত্ব দিছিল। এই খবৰে সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ NIA-ৰ অভিযোগপত্ৰ অনুসৰি বাংগালুৰুৰ চুলিয়া চহৰ আৰু বেল্লাৰী গাঁৱত PFIৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত জিলা সেৱা দলৰ মুৰব্বী মুস্তাফা পাছাৰে হিন্দু ধৰ্মৰ যিকোনো নেতাক লক্ষ্য কৰি ল’বলৈ নিৰ্দেশ দিছিল। ফলস্বৰূপে বিজেপি কৰ্মী প্ৰবীণ নেত্ৰুক হত্যা কৰা হয়।

NIA-ৰ মতে মুঠ চাৰিজন লোক পিএফআইৰ টার্গেটত আছিল। তালিকাৰ শীৰ্ষত আছিল বিজেপিৰ যুৱ মর্চাৰ সদস্য প্রবীন নেত্রু। বিগত বছৰৰ ২৬ জুলাইত প্রবীন নেত্রুৰ ওপৰত অস্ত্রৰে আক্ৰমণ কৰা হৈছিল। প্রবীন নেত্রুক হত্যা কৰি সাধাৰণ লোকৰ মাজত আতংক সৃষ্টি কৰাৰ লক্ষ্য কৰি লৈছিল৷ কিন্তু এই হত্যাকাণ্ডৰ তদন্ত NIA-এ কৰাত PFIৰ তালিকাত থকা আন তিনিগৰাকী লোক ৰক্ষা পৰে৷ মুঠ ২০ জন PFIৰ সদস্যৰ অভিযুক্ত কৰি NIA-এ চার্জশ্বিট দাখিল কৰিছে। মোস্তফা পাচাৰ, মাছুদ, কোদাজি মহম্মদ শ্বৰিফ, আবু বক্কৰ ছিদ্দিকী, উমৰ ফাৰুখ নামৰ শীৰ্ষ নেতাৰ নাম আছে NIA-এ চার্জশ্বিটত৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme