ডিজিটেল ডেস্কঃ বহু অভিনেতা-অভিনেত্ৰীয়ে দুই কুল ৰক্ষা কৰি চলিছে৷ কিন্তু এইগৰাকী অভিনেতাই স্পষ্টকৈ কৈছে যে মই পাঠান চাম৷ হয়, ৰবি শৰ্মাক যেতিয়া সোধা হৈছিল আপুনি পাঠান বিতৰ্ক সন্দৰ্ভত কি ক’ব৷ তেতিয়া অভিনেতা ৰবি শৰ্মাই স্পষ্টকৈ কৈছিল যে মই আনৰ দৰে পলায়ন নকৰো৷ মই পাঠান বিতৰ্ক সন্দৰ্ভত খুলি কম আৰু মই পাঠান চাম৷
ৰবি শৰ্মাই কয় যে এনেকুৱা ক্ষেত্ৰত মাত মতাটো এজন শিল্পীৰ দায়িত্ব বুলি ভাবো। কিয়নো আমি ৰাইজৰ কণ্ঠ। ৰাইজে কি ভাবে, ৰাইজৰ কি মতামত সেইটো আমিও প্ৰকাশ কৰিব পাৰিব লাগে আচলতে। গতিকে মই ফালৰি কাটি নাযায় এটাই কথা ক’ব বিচাৰো যে অন্তত আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত ৰাজনীতি কৰিব নালাগে। আৰু ৰাজনীতিৰ ক্ষেত্ৰত কোনোবা এটা দলৰ আদৰ্শ যদি মিল নাথাকে তেনেকুৱা ছবি আৰু বহু আছে।
ৰবি শৰ্মাই আৰু কয় যে ছ’চিয়েল মিডিয়াত এজন ব্যক্তিৰ নামত, প্ৰখ্যাত ব্যক্তিৰ নামত ফেম লোৱাটো আজিকালি নিয়মত পৰিণত হৈছে৷ এয়া এতিয়া সহজ। হিন্দুত্ববাদী সংগঠনক টাৰ্গেট কৰি শৰ্মাই কাম কৰে বেলেগে, বেলেগে পোষ্টাৰ ফালি নাম লয় বুলি কয়। এনে হ’ব নালাগে। চৰকাৰ দায়িত্বশীল হ’ব লাগে। বিশ্বৰ দৰবাৰত বা ভাৰতবৰ্ষত আমাৰ ৰাজ্যখনৰ নাম বদনাম হয়। আমি একো একোটা দলৰ হৈ ৰাজনীতি কৰি থকাৰ পূৰ্বে প্ৰতিষ্ঠিত হ’ব লাগে৷ এজন অসমীয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰিব লাগে৷ কাৰণ সেয়াই আমাৰ চিনাকি। ৰবি শৰ্মাই পাঠান ছবিৰ বেচৰম ৰং গানটোক লৈ হোৱা বিতৰ্কক লৈ কয় যে ছবি চোৱাটো নিজৰ ইচ্ছাৰ কথা৷ ছবি চাৱটো কাপোৰ পিন্ধাৰ নিচিনা কথা৷ নিজ ইচ্চাৰ কথা৷ কাৰোবাৰ ভাল লাগে চাব, ভাল নালাগিলে নাচাব।