1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:14 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

মোৰ বাবে IMPORTANT মানুহ নহয়ঃ গুৱাহাটীলৈ আহিলেহে চিনি পাম শ্বাহৰুখ কোন…

  • Update Time : Monday, January 23, 2023

ডিজিটেল ডেস্কঃ পাঠানক লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া মন্তব্যৰ পাছতে সমগ্ৰ দেশৰ সংবাদ মাধ্যমে উক্ত বিষয়টোক লৈ বাতৰি প্ৰকাশ কৰিছে। বিষয়টোক লৈ তীব্ৰ চৰ্চা চলি থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই ২৩জানুৱাৰীত পুনৰ সংবাদমেল আয়োজন কৰি কয় যে, শ্বাহৰুখ খান কোন মই এতিয়াও চিনি নাপাও। যদিহে তেওঁ গুৱাহাটীলৈ আহে তেন্তে চিনি পাব পাৰো। ইয়াত বিৰ্তক কৰা কোনো প্ৰয়োজন নাই। এয়া কোনো ডাঙৰ কথা নহয়। আমাক ভোট দিয়া মানুহকে বহুতক আমি চিনি নাপাও, শ্বাহৰুখ খান কোন!

আনহাতে শ্বাহৰুখে ফোন কৰাক লৈ তেওঁ কয়-‘শ্বাহৰুখ খানে মোক মেচেজ দিয়াৰ সময়ত মোৰ সময় নাছিল’। ‘৭-৩০ বজাত মেচেজ দিলেই মই ৭-৪৫ মিনিটত মই ৰিপলাই দিম নেকি’। ‘২ বজাত সময় উলিয়াই শ্বাহৰুখক মই মেচেজ দিলো, PLEASE CALL’। তেওঁ লগত কয়- ‘মই বম্বেৰ অভিনেতা-অভিনেত্ৰীৰ নাম নাজানো’। ‘মই জীৱনত এইবিলাকৰ চিনেমা চোৱা নাই’।’২০২১ চনৰ পৰা ৬ খন বা ৭ খন চিনেমাহে চাইছোঁ’

ইফালে পাঠানক লৈ বিৰ্তক অব্যাহত আছে যদিও বক্স অফিচত ধামাল কৰিবলৈ সাজু কিং খান। ইতিমধ্যে পাঠানে অগ্ৰিম টিকটক লৈ অভিলেখ গঢ়িছে। প্ৰায় ৫হাজাৰটা ছবিঘৰত মুক্তি পাব লগীয়া পাঠানক লৈ এতিয়া শ্বাহৰুখৰ অনুৰাগীসকলৰ আনন্দৰ সীমা নাই। প্ৰাপ্ত খবৰ অনুসৰি, এতিয়ালৈকে সমগ্ৰ দেশত পাঠান ছবিখনৰ অগ্ৰিম টিকট বিক্ৰী হৈছে প্ৰায় ২০কোটি টকাৰ। অহা ২৫ জানুৱাৰীলৈকে এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে অসমতো প্ৰায় ৫০টা ছবিঘৰত মুক্তি পাব পাঠান। গুৱাহাটীত পাঠানৰ ৫০ লাখ টকাৰ টিকট আগতীয়াকৈ বিক্ৰী হৈছে। ইতিমধ্যে চিনেমা খন প্ৰদৰ্শনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতিও প্ৰশাসনে চকু ৰাখিছে। ছবি বিশ্লেষকসকলে সদৰি কৰা অনুসৰি, এই ছবিখনে মুক্তিৰ দুটা দিনৰ ভিতৰতে ১০০কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, পাঠান ছবিখনৰ বাজেট প্ৰায় ২৫০কোটি টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme