1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:39 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

জোনবাইত ঘৰ সাজিব খোজা অতিপাত চোকা ল’ৰাটোৰ আজি ওপজা দিন…

  • Update Time : Saturday, January 21, 2023

ডিজিটেল ডেস্কঃ  ২১জানুৱাৰী।  আজি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ওপজা দিন। দুৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল সুশান্তে। তেওঁ পোন প্ৰথমে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ধাৰাবাহিক ‘কিচ দেশ মে হে মেৰা দিল’ত (২০০৮) অভিনয়ৰ সুযোগ লাভ কৰিছিল। তাৰপিছত তেওঁক জী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘পৱিত্ৰ ৰিস্তা’ (২০০৯-১১) ৰ মুখ্য চৰিত্ৰ ‘মানৱ’ৰ ৰূপত দেখা গৈছিল।

০১৩ চনত ‘কাই প’ চে’ৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁ ‘শুদ্ধ দেশী ৰোমাঞ্চ’ (২০১৩) আৰু ‘ডিটেক্টটিভ ব্যোমকেশ বক্সি’ (২০১৫) ছবিত অভিনয় কৰে। ২০১৪ চনত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি ‘পিকে’ত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।

তাৰপিছত তেওঁ ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ ওপৰত আধাৰিত ছবি ‘এম এছ ধোনি:দা আনটল্ড ষ্টৰী’ত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁ বাণিজ্যিক ভাবে সফল ছবি ‘কেডাৰনাথ’ (২০১৮) আৰু ‘চিছ’ৰে’ত (২০১৯) অভিনয় কৰে।

১৯৮৬ চনৰ ২১ জানুৱাৰী তাৰিখে বিহাৰৰ ৰাজধানী পাটনাত সুশান্ত সিং ৰাজপুতৰ জন্ম হৈছিল। তেওঁলোকৰ পিতৃপুৰুষৰ বাসস্থান বিহাৰৰ পূৰ্ণিয়া জিলাত অৱস্থিত।তেওঁৰ এগৰাকী ভগ্নী মিতু সিং এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ। ২০০২ চনত তেওঁৰ মাতৃৰ মৃত্যু হৈছিল। ইয়াৰ ফলত তেওঁ মানসিকভাৱে ভাঙি পৰে আৰু একে বছৰে তেওঁলোক পাটনাৰ পৰা দিল্লীলৈ গুচি আহে।

তেওঁ পাটনাৰ চেইণ্ট কাৰণেছ হাইস্কুল আৰু দিল্লীৰ কুলাচি হংসৰাজ মডেল স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ২০০৩ চনত দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাত তেওঁ সপ্তম স্থান দখল কৰিছিল। তাৰপিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে।

 তেওঁ ৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডতো পদক অৰ্জন কৰিছিল। ইয়াৰ লগতে তেওঁ ভাৰতীয় খনি বিদ্যালয়কে আদি কৰি ১১টা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।  কিন্তু থিয়েটাৰ আৰু নৃত্যৰ প্ৰতি ৰাপ থকা সুশান্ত সিং ৰাজপুতে পঢ়াৰ বাবে সময় উলিয়াবলৈ নোৱাৰি কেইবাটাও বিষয়ত বেকলগ লগাৰ পিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিং এৰি দিয়ে। তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ পিছত চূড়ান্ত বৰ্ষত পঢ়া এৰি অভিনয়ৰ ফালে গতি কৰে।

সুশান্ত সিং ৰাজপুতে দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত পঢ়ি থাকোঁতে শ্বামক দাভাৰৰ নৃত্যশ্ৰেণীত যোগদান কৰিছিল। পৰিচালক বেৰী জনৰ নাটকৰ শ্ৰেণীত দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু অভিনয় শ্ৰেণীতো যোগদান কৰে। যোগদানৰ কেইমাহমানৰ পিছতেই তেওঁ শ্বামক দাভাৰৰ মুখ্য নৃত্যদলত স্থান লাভ কৰে। ২০০৫ চনত তেওঁ ৫১তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠানত বেকগ্ৰাউণ্ড নৃত্যশিল্পী হিচাপে চয়নিত হয়। ২০০৬ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত তেওঁলোকৰ দলে সাংস্কৃতিক কাৰ্যসূচীত পৰিবেশন কৰিছিল। এইসময়ত তেওঁ অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণকৈ বাদ দি নৃত্য আৰু অভিনয়ত মনোনিবেশ কৰে।

তেওঁ হিন্দী চলচ্চিত্ৰত অভিনয়ৰ সুযোগৰ আশাত মুম্বাইলৈ আহে আৰু নাদিৰা বব্বৰৰ থিয়েটাৰ দল ‘একজোঁটে’ত যোগদান কৰে। তেওঁ প্ৰায় আঢ়ৈ বছৰ কাল একজোঁটে’ থিয়েটাৰ গোষ্ঠীৰ লগত জড়িত আছিল। এই সময়ত তেওঁ নেছলে কোম্পানীৰ মাঞ্চ চকলেটৰ বিজ্ঞাপনত কাম কৰাৰ সুযোগ লাভ কৰিছিল।

২০০৮ চনত বালাজী টেলিফিল্মছৰ এটা দলে ‘একজোঁটে’ৰ নাটকত সুশান্ত সিং ৰাজপুতৰ অভিনয় প্ৰতিভাৰ উমান পায়। তেওঁলোকে সুশান্তক ষ্টাৰ প্লাছত প্ৰচাৰিত ‘কিচ দেশ মে হে মেৰা দিল’ ধাৰাবাহিকৰ প্ৰীত জুনেজাৰ চৰিত্ৰৰ বাবে অডিছন দিবলৈ নিমন্ত্ৰণ জনায়। ২০০৯ চনত তেওঁ জী টিভিত প্ৰচাৰিত ‘পৱিত্ৰ ৰিস্তা’ৰ মুখ্য চৰিত্ৰ মানৱ দেশমুখৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে।

এই ধাৰাবাহিকখন কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰে আৰু ৰাজপুতে টেলিভিছনৰ শ্ৰেষ্ঠ আৰু জনপ্ৰিয় অভিনেতাৰ তিনিটা মুখ্য বঁটা লাভ কৰে। ২০১০ চনত তেওঁ নৃত্য অনুষ্ঠান ‘জৰা নাচ কে দিখা’ৰ দ্বিতীয় সংস্কৰণত যোগদান কৰে। ২০১০ চনৰ ডিচেম্বৰ মাহত তেওঁ অন্য এক নৃত্য অনুষ্ঠান ‘ঝলক দিখ লা যা’ৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰে। ২০১১ চনত তেওঁ বিদেশত চলচ্চিত্ৰ নিৰ্মাণৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবে ‘পৱিত্ৰ ৰিস্তা’ এৰি দিয়ে।

২০২০ চনৰ ১৪ জুন তাৰিখে সুশান্ত সিং ৰাজপুতৰ মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰীলৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়। তেওঁ কেইবামাহ জুৰি হতাশগ্ৰস্ততাত ভুগি আছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme