1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:00 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সকলোৱে দিছে গৰিহনাঃ মিনিটত চকুপানী, মিনিটত হাঁহি…

  • Update Time : Saturday, January 21, 2023

 ডিজিটেল ডেস্কঃ  কাব্যঋষি নীলমণি ফুকনক শেষ বিদায় দিবলৈ ২০জানুৱাৰীত ভূতনাথ শশ্মানত বহু বিশিষ্ট ব্যক্তিৰ লগতে ৰাজনৈতিক নেতাসকলো উপস্থিত হৈছিল। সকলোৱে অশ্ৰু অঞ্জলি যাচিছিল কাব্য়ঋষিগৰাকীক। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে শেষ বিদায় দিছিল জ্ঞানপীঠ বটা বিজয়ী কবিগৰাকীক।

২০জানুৱাৰীৰে সন্ধিয়া ভাগলৈ ফেচবুকত বনজুইৰ দৰে বিয়পি পৰিল এখন বিশেষ ফটো। এই ফটোখনত আছিল লুৰিণ জ্যোতি গগৈকে ধৰি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ কেইজনমান বিষয়ববীয়া। ভূতনাথ শশ্মানৰ বাহিৰতে দুই দলৰ নেতাসকলে তোলা এই ফটোখনক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।

কাব্যঋষিগৰাকীক শেষ বিদায় দি শশ্মানৰ বাহিৰত এনেদৰে হাঁহি হাঁহি ফটো উঠা কাণ্ডক একাংশই সহজভাৱে লব পৰা নাই। সামাজিক মাধ্যমত বহুতে লুৰিণজ্যোতি গগৈৰ লগতে উক্ত নেতাকেইজনৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিছে।  একাংশই এনেকৈয়েও মন্তব্য প্ৰকাশ কৰিছে যে, ৰাজনৈতিক নেতাসকলে এনেদৰেই ঘৰিয়ালৰ চকুপানী টুকি এটা সময়ত আঁচল ৰূপ ওলাই পৰে।

সেয়া যি কি নহলেও, এই ফটোখনক লৈ এতিয়ালৈকে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই এই নেতাকেইজনে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme