1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

ফ্লেটত অইন মহিলাৰ সৈতে অভিনেতা! সেই সময়তে গৈ পালে পত্নী…

  • Update Time : Friday, January 20, 2023

ডিজিটেল ডেস্কঃ তাৰকাৰ কাণ্ডই লজ্জানত কৰিছে বাংলা ছবিজগতক৷ সুৰভি চান্যাল আৰু সুমন দে’ বাংলা ছবিজগতৰ দুই তাৰকা। সৰু পৰ্দাত সুমন দে’ যথেষ্ট জনপ্ৰিয়৷ কিন্তু এইবাৰ অভিনয়ৰ বাবে নহয় অন্য এক কাৰণতহে সুমন চৰ্চাত আছে৷ কেইবাবছৰো ধৰি সুমন দে’ আৰু অভিনেত্ৰী সুৰভি সম্পৰ্কত আছিল। হঠাতে জানুৱাৰীৰ প্ৰথম সপ্তাহত সুৰভি আৰু সুমনে পৃথক হোৱাৰ কথা ঘোষণা কৰে৷

সুৰভিয়ে কয় যে এমাহ হ’ল যে সুমনৰ মোৰ সৈতে কোনো সম্পৰ্ক নাই। বিশ্বকাপৰ ফাইনেলৰ দিনা সুমন ফ্লেটত আন এগৰাকী মহিলাৰ সৈতে ধৰা পৰিছিল। তাৰ পিছত মোৰ কথা কোৱাৰ ভাষা নাছিল। মই কল্পনাও কৰিব নোৱাৰো যে এনেদৰে প্ৰতাৰণা কৰিব। মই আমাৰ সম্পৰ্ক আৰু বিবাহৰ বিষয়ে ঘোষণা কৰিছিলো। আমি মধ্যবিত্ত পৰিয়াল। মই মোৰ মা-দেউতাৰ কথা শুনিব লাগিব। সেইবিষয়ে ভাবি দুখ লাগিছে।

সুমন দে’ অভিনেত্ৰী সুৰভিয়ে শিলিগুৰিত বাস কৰে। সুমনৰ আইতাৰ মৃত্যুৰ বাবে বিবাহ পিছুৱাই দিয়া হৈছিল। পৰিকল্পনা আছিল ২০২৩ চনৰ শেষৰ ফালে বা ২০২৪ চনৰ আৰম্ভণিতে বিবাহ পাশত আৱদ্ধ হ’ব। কিন্তু এই সকলোবোৰ শেষ হৈ গ’ল। ইপিনে সুৰভিৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সুমনে কয় মই এই বিষয়ত কোনো মন্তব্য দিব নিবিচাৰো। ক্ষমা কৰিব। সুমন বৰ্তমান ধাৰাবাহিক দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। আনহাতে, সুৰভিৰ হাতত কোনো কাম নথকাৰ প্ৰায় সাত মাহ হ’ল। শেষবাৰৰ বাবে ধাৰাবাহিক ‘ত্ৰিশূল’ত দেখা গৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme