ডিজিটেল ডেস্কঃ নিয়তিৰ ওচৰত কবিতাই হাৰ মানিলে। কোনো দিনে উভতি নহাৰ বাটেৰে গলগৈ তেওঁ। কাকোৱেই কোনোদিন আমনি নিদিয়া মানুহজন কবিতাৰ মাজতেই সপোন দেখিছিল, জাতিটোক ভাল পাবলৈ শিকিছিল আৰু শিকাইছিল। অলপ আগতে আমি কি কথা পাতি আছিলোঁ বুলি মিঠা মাতেৰে সুধিবলৈ তেওঁ কোনোদিন আৰু উভতি নাহে।
সকলো কথাৰে এটা অৰ্থ থাকে। কবিতাৰ মাজেদি জটিল জীৱনৰ প্ৰতিটো অৰ্থই পাঠকক বুজাই গৈছিল তেওঁ। সেইবাবেই তেওঁক যচাঁ হৈছিল কাব্য জগতৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ। কবিতাৰে কথা কোৱা, কবিতাৰে সপোন দেখা সেই মানুহজনৰ প্ৰস্থানত আজি যেন কবিতাৰো চন্দ হেৰাল। হেৰাল বাটৰুৱাৰ মাত।
জীৱনত কোনোদিনেই কাকো আমনি দিয়া নাছিল তেওঁ। সেয়েহে তেওঁ বিচাৰিছিল মৃত্যুৰ পাছতো তেওঁৰ বাবে যাতে কোনেও আমনি নাপায়। সেয়েহে কবিৰ ইচ্ছা অনুসৰি আনৰ অসুবিধা নোহোৱাকৈ ঘৰৰ ওচৰৰে ভূতনাথ শ্মশানত বিয়লি ৩-৫০ বজাত শেষকৃত্য সম্পন্ন হব তেওঁ। কাৰোবাৰ বাবে শৱদেহ ৰাখি নথবলৈও মৃত্যু পূৰ্বতেই অনুৰোধ কৰিছিল কবিগৰাকীয়ে। এয়াই নীলমণি ফুকনৰ ব্যক্তিত্ব।
‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয়। কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে। নতুন দিল্লী স্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।
ফুকনৰ জন্ম হয় অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত। তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে। ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে
বিদায় মহীৰূহ। অসমীয়া জাতি আপোনাৰ ওচৰত সদায়েই ঋণী…