ডিজিটেল ডেস্কঃ নিজৰ সৃষ্টিৰ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা কাব্যঋষি নীলমণি ফুকন গুৰুতৰভাৱে অসুস্থ। শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, তেওঁৰ স্বাস্থ্য অতিকৈ অৱনতি ঘটিছে। যাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়াল।
তেখেতৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কবিগৰাকীৰ ঘৰতেই স্থাপন কৰা আই চি ইউত প্ৰদান কৰা হৈছে চিকিৎসা। কেইবাগৰাকী চিকিতসকে তেওঁৰ স্বাস্থ্যৰ ওপৰত নিৰন্তৰ নজৰ বজাই ৰাখিছে।
কবিগৰাকীৰ আশু আৰোগ্য কামনাৰে শেহতীয়াকৈ গুণমুদ্ধ সকলে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।