1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:25 am

কংগ্ৰেছৰ সকিয়নী- বৰাকত কেৱল চাইনব’ৰ্ড নহয়, চৰকাৰী সকলো বিজ্ঞাপনো বঙালী ভাষাতে থাকিব লাগিব…

  • Update Time : Wednesday, December 1, 2021

ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ বেনাৰ তথা চাইনবৰ্ড আতৰোৱাক লৈ তীব্ৰ বিৰ্তকৰ সৃষ্টি কৰা প্ৰদীপ দত্ত ৰয় বৰ্তমান কাৰাগাৰৰ আলহী। প্ৰায় ২৫গৰাকী অধিবক্তাই আবেদন কৰাৰ পাছতো জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই বৰাকৰ বিৰ্তকিত নেতাগৰাকীয। এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ প্ৰদীপ দত্ত ৰয়ৰ কাষত থিয় দি সমৰ্থন জনালে কৰিমগঞ্জ জিলা কংগ্ৰেছে। এখনি সংবাদ মেল আয়োজন কৰি কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সভাপতিয়ে সকিয়নী প্ৰদান কৰিলে যে, বৰাক উপত্যকাত বঙালী ভাষাৰেই চাইনব’ৰ্ড থাকিব। কেৱল এয়াই নহয়, চৰকাৰী সকলো বিজ্ঞাপনো বঙালী ভাষাতে থাকিব লাগিব বুলি সকিয়নী প্ৰদান কৰিলে জিলা কংগ্ৰেছে।

সংবাদমেলত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, বঙালী সকলৰ অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ বিজেপি চৰকাৰৰ নাই। সংবিধানে স্বীকৃতি দিয়া ভাষা এটাক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে। উল্লেখ্য যে, প্ৰদীপ দত্ত ৰয়ক লৈ উজনি আৰু নামনিৰ কংগ্ৰেছ দুুই ভাগত বিভক্ত হৈ পৰা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme